NORTHEAST NOW (Assamese)

দুঃসাহস! ভগৱানৰ ঘৰত তাণ্ডৱ চোৰৰ

September 24, 2023 5:20 pm · এন ই নাও নিউজ, গুৱাহাটী

ভগৱানো সাৰি যোৱা নাই চোৰৰ তাণ্ডৱৰ পৰা। শনিবাৰে নিশা মেঘালয়ৰ শিঙিমাৰী অঞ্চলত থকা ৰাধা-গোবিন্দ মন্দিৰৰ সম্পত্তিত হাত দিলে চোৰে। 

মন্দিৰৰ তলা ভাঙি নগদ ধন, সোণ-ৰূপৰ অংলকাৰ আৰু পাঁচটা মুৰ্তি সহ প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰি লুটি নিয়ে দুস্কৃতিকাৰীয়ে।

নিশা প্ৰায় ৮ বজাত মন্দিৰৰ গেট বন্ধ মন্দিৰৰ কৰ্মী ওলাই যোৱাৰ পিছত নিশা চোৰে গেটৰ তলা ভাঙি মন্দিৰটোৰ পৰা ৩ টা কৃষ্ণৰ মুৰ্তি, ২ টা ৰাধা কৃষ্ণৰ মুৰ্তি চুৰি কৰাৰ লগতে মুৰ্তিত থকা সোণৰ অলংকাৰসমূহো চুৰি কৰি লৈ যায়।

উপৰিও প্ৰায় দুই লক্ষাধিক টকা সোমাই থকা মন্দিৰৰ দানপাত্ৰটোও লৈ যায় চোৰে।

ইতিমধ্যে মন্দিৰ কতৃপক্ষই এজাহাৰ দাখিল কৰিছে। গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News