আচৰিত!! এন আৰ চিৰ শুনানিলৈ যোৱা তৃতীয়খন গাড়ী দুৰ্ঘটনাগ্ৰস্ত; দুগৰাকী নিহত

লেথাৰিকৈ ক্ৰমে দেওবাৰে ৰাতি, সোমবাৰে ৰাতি, মঙলবাৰে ৰাতি তিনিখনকৈ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

খানাপাৰাত ৪ আগষ্টৰ ৰাতি দুৰ্ঘটনাত পতিত বাছখন। ফাইল ফটো।

৪ আগষ্টৰ ৰাতি খানাপাৰা আৰু ৫ আগষ্টৰ ৰাতি ক্ষেত্ৰীত এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিত অংশগ্ৰহণৰ বাবে যোৱা যাত্ৰী কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত তৃতীয়টো একে ধৰণৰ দুৰ্ঘটনাই আচৰিত কৰি তুলিছে বহুতক।

আজি যোৱা নিশা শুনানিৰ বাবে যোৱা তৃতীয়খন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজনৰ মৃত্যু হয়।

ছয়গাঁৱৰ গোৱৰ্ধনাত হোৱা এই তৃতীয়টো দুৰ্ঘটনাত এখন আলট্ৰা বাছ পথৰ দাঁতিত বাগৰি পৰে। বাছখনত এন আৰ চিৰ পুনৰক্ষীণৰ শুনানিৰ বাবে যোৰহাটলৈ যোৱা বকোৰ ডেকাচাঙৰ ৪০জন লোক ঘূৰি আহিছিল।

ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোৰ অভিমুখে গৈ থকা বাছখনে গোৱৰ্ধনাত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাটোত আৰ্জুমা বেগম নামৰ ১গৰাকী কিশোৰীৰ উপৰি চয়মুন নেছা নামৰ এগৰাকী মহিলা নিহত হয় আৰু ১৫ জনৰো অধিক লোক আহত হৈছে। আহতসকলক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক বাবে ইয়াৰে ১৪জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ইয়াৰ পূৰ্বে ৪ আগষ্টৰ ৰাতি এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিৰ বাবে যোৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল খানাপাৰাত। বাছখনৰ ওপৰত এখন আলকতৰা ভৰ্তি ডাম্পাৰে খুন্দা মাৰিছিল। বহুকেইজন লোক আহত হোৱাৰ লগতে দুজন বাইক আৰোহীৰ মৃত্যু হৈছিল।

তাৰ পিছতে ৫ আগষ্টৰ ৰাতি এন আৰ চিৰ পুনৰীক্ষণৰ শুনানিৰ পৰা ঘূৰি অহা এখন ট্ৰেভেলাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। শিৱসাগৰৰ পৰা ৰাতি আহি থকা ট্ৰেভেলাৰখনে পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত ২২জন লোক আহত হয়, যাৰ মাজৰে ৫জনৰ অৱস্থা সংকটজনক।

এন আৰ চি কৰ্তৃপক্ষই নিয়ম উলংঘা কৰি মানুহবোৰক মাত্ৰ ২৪ ঘণ্টা সময় দি দূৰদূৰণিলৈ পুনৰীক্ষণৰ শুনানিৰ বাবে মাতি পঠিওৱাত খৰখেদাকৈ যাব লগীয়া হোৱাটোৱেই কাৰণ হ’ব পাৰে।

উচ্চতম ন্যায়ালয়ৰ মতে, পুনৰীক্ষণৰ শুনানিৰ বাবে জাননী নিচেই কমেও ১৫ দিন সময় দি জাৰি কৰিব লাগে আৰু কাষৰ জিলাখনতে শুনানি ল’ব লাগে।

কিন্তু এন আৰ চি কৰ্তৃপক্ষই এই নিয়ম নামানি মানুহবোৰক হাৰাশাস্তিত ভুগাইছে।