এটা পথৰ বাবেই সংকটৰ সন্মুখীন হৈছে ৩০জনকৈ ক্ষুদ্ৰ চাহ খেতিয়ক, তিনিশটা শ্ৰমিক পৰিয়াল

kaliabor road story

ফটো: নৰ্থইষ্ট নাও।

পথ নহয় যেন একো একোটা বৃহৎ পুখুৰীহে। কলিয়াবৰৰ এটা পথৰ বাবেই এতিয়া বিপদত পৰিছে ৩০জনকৈ ক্ষুদ্ৰ চাহ খেতিয়ক। অন্ধকাৰ নামি আহিছে তিনিশটাকৈ শ্ৰমিক পৰিয়ালৰ জীৱনলৈ।

কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাৰ অন্তৰ্গত বাৰ নম্বৰৰ ৰবৰবাৰীৰ পৰা বালক পাহাৰ পৰ্যন্ত যোৱা মূল পথচোৱাৰ দুৰৱস্থাৰ বাবেই জীয়াতু ভুগিব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল।

পথচোৱাৰ দুৰৱস্থাৰে বাবেই ক্ষুদ্ৰ চাহ বাগিছা সমূহত কাম কৰা শ্ৰমিকসকলে এজাক বৰষুণে দিলেই কামলৈ আহিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে কাৰ্বি পাহাৰৰ বুকুত ভাৰতীয় সেনা বাহিনীৰ এটা কেম্প নিৰ্মাণ কাৰ্য চলি আছে। যাৰ বাবে ছমাহ আগতে পথচোৱা নিৰ্মাণ কৰিছিল পথচোৱা নিৰ্মাণত জড়িত ঠিকাদাৰ সকলে।

কিন্তু পথচোৱাইদি এটা দুষ্ট চক্ৰই কোনোধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাবে  দৈনিক চল্লিছৰ পৰা পঞ্চাছখনকৈ ট্ৰেক্টৰেৰে বালি সৰবৰাহ কৰি আহিছে। যাৰ ফলত বিধ্বস্ত ৰূপ লৈছে পথচোৱা।

আনহাতে, বন বিভাগৰ চকুৰ সন্মুখতে এনেদৰে অবৈধভাবে বালি সংগ্ৰহ হৈ থকাৰ পিছতো সমগ্ৰ বিষয়টোত বন বিভাগে নিৰব ভূমিকা পালন কৰাৰ গুৰুতৰ অভিযোগ তোলাৰ লগতে শীঘ্ৰে ট্ৰেক্টৰ চলাচল বন্ধ কৰি পথচোৱা যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী তুলিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে।