NORTHEAST NOW (Assamese)

৮ দিনে এসপ্তাহ, বছৰত ১৩ মাহ; উত্তৰ-পূবতে চলি আছে এই অনন্য কেলেন্দাৰ

July 24, 2019 5:05 pm · অনিৰ্বাণ ৰয়
Updated: July 24, 2019 5:12 pm

এই কেলেন্দাৰখন অনন্য– আঠ দিনত এসপ্তাহ, আৰু বছৰত ১৩ মাহ। আৰু, প্ৰত্যেকটো মাহ কেৱল ২৮ দিনীয়া।

কেলেন্দাৰখন জুলিয়ান বা গ্ৰেগৰিয়ান পঞ্জিকাতকৈ বহুত বেলেগ, কাৰণ ইয়াত নাথাকে কোনো তাৰিখো!

অসমৰ চুবুৰীয়া মেঘালয়ৰ জয়ন্তীয়া জনজাতিৰ মাজত এই কেলেন্দাৰৰ পৰম্পৰা শ শ বছৰ ধৰি চলি আছে। আনকি আজিও মানুহে এই মতেই চলে।

সপ্তাহৰ আঠটা দিন হৈছে মুছিয়াং, মুচাই, পিংকেট, থিম্বেলীন, হাট, খিলাও, পিনছিন আৰু মুলং।

জয়ন্তীয়াসকলৰ কাৰণে দিনটোহে গুৰুত্বপূৰ্ণ, তাৰিখৰ গুৰুত্ব নাই। তেওঁলোকৰ বাবে এই কেলেন্দাৰ ব্যৱহাৰ তেনেই সহজ।

পৰম্পৰাগতভাৱে সপ্তাহৰ দিনবোৰ স্থানীয় এলেকা বা গাওঁবোৰত বহা সাপ্তাহিক বজাৰসমূহৰ সৈতে সম্পৰ্কিত।

জয়ন্তীয়া হিলছত ইৱমুছিয়াং আৰু ইৱখিলাও হৈছে আটাইতকৈ ডাঙৰ সাপ্তাহিক বজাৰ।

দূৰ-দূৰণিৰ গাঁৱৰ পৰা অহা লোকসকলে এই সাপ্তাহিক বজাৰতে তেওঁলোকৰ খেতিৰ উৎপাদনসমূহ কিনা-বেচা কৰাৰ বাবে গোট খায়।

তাৎপৰ্য্যপূৰ্ণভাৱে, এই কেলেন্দাৰখনত বছৰৰ শেষ নাই, বৰঞ্চ চাৰি ঋতুৰ পৰিৱৰ্তন অনুসৰিয়ে ই চলি থাকে।

জয়ন্তীয়া জনজাতীয় লোকসকলৰ বছৰৰ কোনো ধাৰণাই নাই, কাৰণ তেওঁলোকে তাৰিখৰ সলনি দিন আৰু মাহহে ব্যৱহাৰ কৰে। আৰু এই কেলেন্দাৰ পৃথিৱীৰ চৌপাশে চন্দ্ৰৰ আৱৰ্তনৰ সৈতে সম্পৰ্কিত।

চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি মাহ গণনা কৰা হয়। মেঘালয়ৰ গ্ৰাম্য এলেকাত বিশেষকৈ শস্যৰ গুটি সিঁচাৰ সময়ত এই কেলেন্দাৰ এতিয়াও ব্যৱহাৰ হয়।

জনজাতীয় মুখিয়াল লোকসকলৰ মতে, চন্দ্ৰৰ আৱৰ্তনৰ ভিত্তিত ২৮ দিনীয়া মাহ গণনা কৰা হয়।

আন চন্দ্ৰ কেলেন্দাৰসমূহো চন্দ্ৰৰ গতি চক্ৰ বা তাৰকাৰ সৈতে সম্পৰ্কিত মাহ ভিত্তিক।

পূৰ্ণ চন্দ্ৰৰ পৰা জয়ন্তীয়া কেলেন্দাৰ আৰম্ভ হয়। পৃথিৱীৰ চৌপাশে চন্দ্ৰৰ প্ৰদক্ষিণ কাল ২৮ দিন।

জয়ন্তীয়া জনজাতিৰ নিচিনা ১৩ মহীয়া আৰু ২৮ দিনীয়া চক্ৰৰ কেলেন্দাৰ ইজিপ্তিয়ান, কিছুমান খিলঞ্জীয়া এমেৰিকান গোষ্ঠী আৰু চীনাসকলেও ব্যৱহাৰ কৰে।

১৩ চন্দ্ৰ আৰু ২৮ দিনক বিজ্ঞানীসকলে এক হাৰমনিক টাইম স্পে’চ মেত্ৰিক্স (harmonic time space matrix)এৰে ব্যাখ্যা কৰে। পৃথিৱীৰ চৌপাশে কক্ষত চন্দ্ৰই বছৰত ৩৬৪ দিনত ১৩ বাৰ প্ৰদক্ষিণ কৰে।

Related News