NORTHEAST NOW (Assamese)

চ’ছিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত থকা বলিউদৰ এই অভিনেত্ৰীগৰাকী কোন?

March 17, 2020 11:02 am · এন ই নাও নিউজ
Updated: March 17, 2020 11:06 am
মানাৰ চোপ্ৰা, ফ'টো সৌজন্য- ইন্টাৰনেট

বলিউদ আৰু দক্ষিণৰ ছবি উদ্যোগত এনে বহু অভিনেত্ৰী আছে যিসকলে নিজৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় দেহ বল্লৰীৰ লগতে প্ৰতিভাৰ বলত নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ লগতে চ’ছিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আজি আমি তেনে এগৰাকী সুন্দৰী অভিনেত্ৰীৰ কথা ক’বলৈ বিচাৰিছো যিগৰাকীয়ে নিজৰ আকৰ্ষণীয় দেহৰ গঠন আৰু সৌন্দৰ্যেৰে বলিউদত প্ৰতিষ্ঠা লাভ কৰাৰ লগতে চ’ছিয়েল মিডিয়াতো জনপ্ৰিয় হৈ উঠিছে।

তেনে এগৰাকী সুন্দৰী অভিনেত্ৰী হ’ল মানাৰা চোপ্ৰা। ১৯৯১ চনৰ ২৫ মে’ত জন্ম গ্ৰহণ কৰা মান্নাৰা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰ একাউন্টৰ যোগেদি নিজৰ বিভিন্ন ভঙ্গীমাৰ ধুনীয়া ফ’টো শ্বেয়াৰ কৰি চ’ছিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ উঠিছে।

আনকি মানাৰা চোপ্ৰাই নিজৰ সৌন্দৰ্যৰ সন্দৰ্ভতো চ’ছিয়েল মিডিয়াত মন্তব্য প্ৰকাশ কৰা দেখা যায়।

মানাৰা চোপ্ৰা কেৱল সুন্দৰীয়েই নহয়, তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব, মিঠা হাঁহিয়ে সকলোতে সোণত সুৱগা চৰাইছে।

মানাৰাই ২০১৪ চনত জিদ নামৰ ছবিখনেৰে নিজৰ কেৰিয়া আৰম্ভ কৰিছিল।

উল্লেখ্য যে, মানাৰা চোপ্ৰা হৈছে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰীদ্বয় প্ৰিয়ংকা আৰু পৰীনীতি চোপ্ৰাৰ সম্পৰ্কীয়।

Related News