চিত্ৰশিল্পীলৈয়ো ভয় এইখন হিমন্ত বিশ্ব চৰকাৰৰ! মচি পেলালে গিবনক ৰক্ষা কৰিবলৈ কৰা দেৱাল অংকন!

এগৰাকী চিত্ৰশিল্পলৈও ভয় কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুঁজিপতিক সুৰক্ষা দিয়াৰ স্বাৰ্থতেই যেন গিবনক সুৰক্ষা দিয়াটো নিবিচাৰে হিমন্তবিশ্ব শৰ্মা চৰকাৰে। যোৱা ১ অক্টোবৰৰ নিশা চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই গণেশগুৰিৰ উৰণীয়া সেঁতুত অংকন কৰা এখন ছবি মচি পেলালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আচলতে পুঁজিপতিক ধনী কৰাৰ স্বাৰ্থত গিবনৰ প্ৰতি চুড়ান্ত ভাবুকি নামি আহিলেও যেন চৰকাৰখনৰ কোনো ক্ষতি নহ’ব। সেয়েহে গিবনৰ সুৰক্ষাৰ বাবে কৰা দেৱাল অংকন মচি পেলালে প্ৰশাসনে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ফেচবুকযোগে অখিল গগৈয়ে লিখি কয় – পৰিৱেশ সুৰক্ষাৰ বাবে ডাঙৰ ডাঙৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সহ্য কৰিব নোৱাৰে এইবোৰ কথা! গিবনৰ সুৰক্ষাৰ বাবে গণেশগুৰিত জাতীয় যুৱ বাহিনীৰ সহযোগত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই অংকন কৰা ছবিখন মচি পেলালে প্ৰশাসনে। কোটি কোটি টকা খৰচ কৰি গছপুলি ৰোপন কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পৰিৱেশ সুৰক্ষাৰ প্ৰতি কিমান দায়বদ্ধ এইবোৰ কথাৰ পৰাই স্পষ্ট নহয়নে?

উল্লেখযোগ্য যে,  হোলোংপাৰ গিবন অভয়াৰণ্যত তেল আৰু গেছ অন্বেষণৰ বাবে কেয়াৰ্ন অইল এণ্ড গেছৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্য চৰকাৰৰ বন বিভাগে। বেদান্তৰ সহযোগী কোম্পানী কেয়াৰ্ন অইলে উচ্চ অসমৰ যোৰহাট জিলাৰ ৪.৪৯ হেক্টৰ বনাঞ্চল খনন কাৰ্য্যৰ বাবে পৰিৱৰ্তিত কৰিব বিচাৰিছে। বন্যপ্ৰাণীক শান্তিৰে জীয়াই থাকিব নিদিব নেকি এইখন হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে? কাজিৰঙাৰ ইংলে পথাৰত বন্যহস্তীৰ বিচৰণভূমি উচ্ছেদ চলাই পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি তুংগত উঠোৱাৰ পাছতে এইবাৰ আকৌ গিবনৰ হাতীৰ বিচৰণভূমি খান্দি বৃহৎ প্ৰকল্প স্থাপনৰ বাবে সেউজ সংকেট দিলে কৰ্পৰেট গোষ্ঠীক। তাৰ পাছতেই বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও গা লৰা নাই এইখন চৰকাৰৰ। অৱশেষত চিত্ৰশিল্পীৰ চিত্ৰকৰ্মৰ প্ৰতিবাদতো চকু পৰিল হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰৰ। আৰু মচি পেলাই হত্যা কৰিলে যেন এগৰাকী চিত্ৰ শিল্পীৰ শিল্পস্বত্বা।