অতি কম বয়সৰ পৰাই আমি জানি আহিছো যে আমক “ফলৰ ৰজা” বুলি কোৱা হয়। অৰ্থাৎ ফলৰ জগতত আমৰ স্থান অতি ওপৰত। ইফালে গ্ৰীষ্মকালৰ আগমনৰ অৰ্থ হ’ল আমৰ অপেক্ষাৰ অন্ত। বজাৰবোৰ দশেৰী, লংৰা, হিমসাগৰ, আলফনছ, চৌছা আদি বিভিন্ন ধৰণৰ আমেৰে ভৰি পৰে।
কেৱল এয়াই নহয়, এই আমবোৰো বৃহৎ পৰিমাণে বিদেশ লৈও ৰপ্তানি কৰা হয়। অৱশ্যে আজি আমি ইয়াত আপোনালোকৰ আগত এনে এটা আমৰ বিষয় দাঙি ধৰিম যিটোৰ বিষয়ে জনাৰ পিছত সকলোৰে চকু কপালত তুলিব। দৰাচলতে সেই আমক পৃথিৱীৰ আটাইতকৈ দামী আম বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ইয়াৰ সোৱাদো অতুলনীয়।
এনে পৰিস্থিতিত সহজেই প্ৰশ্ন উত্থাপন হ’ব পাৰে যে সেই আমৰ নাম কি? এই আমটোৰ নাম “মিয়াজাকি”। কেৱল সেয়াই নহয়, এই আমৰ দাম ১৯ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে। উল্লেখ্য যে বৰ্তমান মিয়াজাকি আম জাপানত উৎপাদিত হয়। অৱশ্যে ইয়াৰ উৎপাদন একেবাৰে সহজ নাছিল। কিয়নো শীতপ্ৰধান জাপানত এই গ্ৰীষ্মকালীন আম খেতি কৰাটোৱে আছিল এক ডাঙৰ প্ৰত্যাহ্বান।
কিন্তু বিশ্ববিখ্যাত আম খেতিয়ক নাকাগাৱাই প্ৰাকৃতিকভাৱে “সেউজগৃহ” সৃষ্টি কৰি এই অসাধ্য সাধন কৰি দেখুৱাইছে। কেৱল সেয়াই নহয়, ২০১১ চনৰ পৰা উত্তৰ জাপানৰ বৰফেৰে আবৃত টোকাচি অঞ্চলৰ এটা সেউজগৃহত তেওঁ আম খেতি কৰি আহিছে। সেউজগৃহৰ বাহিৰৰ উষ্ণতা মাইনাছ ৮ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ কম হ’লেও ভিতৰৰ উষ্ণতা গড়ে ৩৬ ডিগ্ৰী চেলছিয়াছ।
এই সন্দৰ্ভত নাকাগাৱাই কয় যে তেওঁৰ মিয়াজাকি আমৰ সোৱাদ আন যিকোনো আমতকৈ বহুগুণ বেছি। ইফালে জাপানীসকলে এতিয়া মিয়াজাকি আমক মৰমেৰে ‘সূৰ্য কিৰণৰ কণী’ বা “ছান শ্বাইন এগ” বুলি কয়।
আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল নাকাগাৱাৰ ফলৰ বাগিচাৰ এটা মিয়াজাকি আমৰ দাম ২৩০ ডলাৰ। ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ১৯ হাজাৰ টকা। বৰ্তমান তেওঁৰ সেউজগৃহত প্ৰায় ৫ হাজাৰ আম উৎপাদন হয়। ইফালে নাকাগাৱাই শীতকালত এই আম খেতি কৰাৰ বাবে চাহিদা অধিক।