নকল চেকেৰে এক কোটি টকীয়া বিলাসী গাড়ী ক্ৰয় কৰি গ্ৰেপ্তাৰ হোৱা এই প্ৰৱঞ্চকজন কোন ?

florida-man

নিজৰ ঘৰতে কম্পিউটাৰত প্ৰিণ্ট কৰা চেক পাত প্ৰদান কৰি ১ কোটি টকীয়া চাৰি চকীয়া বাহন ক্ৰয় কৰি ৰঙাঘৰত সোমাল এজন প্ৰৱঞ্চক।

এই প্ৰৱঞ্চনাৰ ঘটনাটো ঘটিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাত।

ফ্ল’ৰিডাৰ ৱাল্টন কাউন্টিৰ বাসিন্দা কেছি উইলিয়াম কেলী নামৰ এজন ৪২ বছৰীয়া প্ৰৱঞ্চকে এই বৃহৎ অংকৰ ধনৰ প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰৱঞ্চক কেলীয়ে নিজে তৈয়াৰ কৰা নকল চেক ব্যৱহাৰ কৰি প্ৰায় ১ কোটি টকাৰ এখন বিলাসী বাহন ক্ৰয় কৰিছিল।

উক্ত বাহনখন ক্ৰয় কৰি তেওঁ সফল হ’লেও দ্বিতীয়বাৰ এটা দামী ৰ’লেক্সৰ ঘড়ী ক্ৰয় কৰিবলৈ গৈ ধৰা পৰে।

ৰ’লেক্সৰ ঘড়ীটো ক্ৰয় কৰি থকা অৱস্থাত দোকানৰ কৰ্মচাৰীয়ে চেক পাতখনৰ ওপৰত সন্দেহ হোৱাত কাউন্টি আৰক্ষীক খবৰ দিয়ে আৰু কেলীক তাতে লগে লগে গ্ৰেপ্তাৰ কৰে।

কেলীক গ্ৰেপ্তাৰ কৰাৰ পিছতহে পোহৰলৈ আহে যে কিছুদিন পূৰ্বে তেওঁ নকল চেক ব্যৱহাৰ কৰি প্ৰায় ১ কোটি মূল্যৰ এখন বিলাসী গাড়ীয়ো ক্ৰয় কৰিছিল।

যোৱা ২৭ জুলাইত কেলী নামৰ প্ৰৱঞ্চকজনে স্থানীয় এটা শ্ব’ৰুমৰ পৰা Porsche 911 Turbo মডেলৰ এখন গাড়ী ক্ৰয় কৰিছিল। যিখন বাহনৰ ভাৰতীয় মূল্য প্ৰায় ১ কোটি টকা।

কিন্তু আচৰিতভাৱে সেইবাৰ কেলীয়ে গাড়ীৰ শ্ব’ৰুমটোক প্ৰৱঞ্চনা কৰাত সফল হয়।

ইয়াৰ কিছু দিন পিছতে কেলী নামৰ প্ৰৱঞ্চকজনে জালিয়াতিৰে ৪৬ লাখ মূল্যৰ এটা ৰ’লেক্স ঘড়ী ক্ৰয় কৰিবলৈ গৈ ধৰা পৰে।

ইয়াৰ পিছতে কেলীক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।