১৫ হাজাৰ টকাৰ ভিতৰত কোনটো ফোন কিনিব?

Vivo RedemiX

ভিভো জেদ-১ প্ৰো

বজাৰত সম্প্ৰতি উপলব্ধ হৈছে আপোনাৰ স্মাৰ্ট ফোনৰ প্ৰয়োজন পুৰাব পৰা ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱাকৈ ভালেকেইটা মোবাইল ফোন। তলত ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱা কেইটামান স্মাৰ্টফোনৰ বিষয়ে উল্লেখ কৰা হ’ল।

ভিভো জেদ-১ প্ৰো (VIVO Z1 PRO)

চোনী স্মাৰ্টফোন নিৰ্মাতা কোম্পানী ভিভোই ভাৰতৰ বজাৰত প্ৰথমটো স্মাৰ্ট পাঞ্চ হোল যুক্ত স্মাৰ্টফোন ভিভো জেদ-১ প্ৰো মুকলি কৰে। এই স্মাৰ্টফোনটোক চীনত মুকলি হোৱা ভিভো জেদ-৫এক্স চিৰিজৰ সৈতে প্ৰায়  একে বুলিব পাৰি।

ভিভো জেদ-১ প্ৰো প্ৰথমটো ৱালকাম স্নেপড্ৰেগন ৭১২ চিপচেট প্ৰছেচৰৰ সৈতে মুকলি হোৱা স্মাৰ্ট  ফোন। এই স্মাৰ্ট ফোনটোৰ মূল্য হ’ব ১৪,৯৯০ টকা। ভিভো জেদ-১ প্ৰো স্মাৰ্ট ফোনত ৩২ মেগাপিক্সেলৰ চেল্ফি কেমেৰা সংযোগ কৰা হৈছে।

ৰেডমি কে-২০ (Redmi K20)

ভাৰতৰ বজাৰত ১৭ জুলাইৰ পৰা উপলব্ধ হ’ব ৰেডমি কে-২০ স্মাৰ্ট ফোন। ফ্লিপকাৰ্টত ১২ জুলাইত দুপৰীয়া ১২ বজাৰ পৰা ফোনটো উপলব্ধ হ’ব। অনলাইন গ্ৰাহকসকলে ১২ তাৰিখৰ পৰাই ফোনটো বুকিং কৰিব পাৰিব।

ৰেডমি কে-২০ স্মাৰ্ট ফোনটো চীনৰ বজাৰত চলিত বৰ্ষৰ মে মাহতে মুকলি কৰি দিয়া হয়। চীনত স্মাৰ্ট ফোনটোৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ১৯,৯০০ টকা হ’ব যদিও ভাৰতৰ বজাৰত ইয়াৰ মূল্য ১৫,০০০ টকাৰ ভিতৰত উপলব্ধ হোৱাকৈ ৰখা হ’ব বুলি অনুমান কৰা হৈছে।

ৰিইল মি এক্স (Realme X)

ৰিইল মি ভাৰতৰ বজাৰত সকলো ঠাইতে উপলব্ধ হোৱাকৈ ৰিলেম-৩ ৰ লাইট ভাৰ্শ্যন মুকলি কৰাৰ সম্ভাৱনা আছে। অহা সপ্তাহৰ প্রথমভাগতে বজাৰলৈ আহিব নতুন স্মাৰ্টফোনটো। ৰিলেম এক্সৰ স্মাৰ্টফোনটো অনলাইন মাৰ্কেট আমাজানতো উপলব্ধ হ’ব। ফোনটোৰ মূল্য ১৫,০০০ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ভাৰত বজাৰত এইকেইটা স্মাৰ্টফোনে গ্ৰাহকৰ মাজত খলকনি লগোৱাতো নিশ্চিত।