এখন আজৱ গোৱালৰ গাঁও: গাখীৰ বিক্ৰী নকৰি বিলাই দিয়ে বিনামূল্যে!

Milk

গাঁও খনৰ নাম য়েলেগাও গাৱালী। গাঁও খনৰ নামৰ অৰ্থটো হৈছে গোৱালৰ গাঁও।

গাঁও খনত বাস কৰা ৫৫০ টা পৰিয়ালৰ ৯০ শতাংশৰ ঘৰতে আছে গৰু,ম’হ আৰু ছাগলী।

গোৱালৰ গাঁও হিচাবে জনাজাত মহাৰাষ্ট্ৰৰ হিংগলি জিলাৰ এই গাঁওখনত প্ৰচুৰ পৰিমাণে উৎপাদন হয় গাখীৰ। কিন্তু আচৰিত কথাটো হ’ল গাঁওখনৰ কোনো লোকে কেতিয়াও গাখীৰ বিক্ৰী নকৰে।

গাঁও খনত উৎপাদিত গাখীৰ বিক্ৰী কৰাৰ সলনি বিলাই দিয়া হয় সম্পূৰ্ণ বিনামূলীয়াকৈ।

বছৰ বছৰ ধৰি গাঁওখনত চলি আহিছে এই পৰম্পৰা। গাঁও খনৰ বাসিন্দা সকলে নিজকে শ্ৰী কৃষ্ণৰ বংশধৰ বুলি বিশ্বাস কৰে।

সেইবাবেই গাখীৰ বিক্ৰী কৰাটো পাপ বুলি তেওঁলোকে ভাৱে।

গাঁওখনৰ এগৰাকী বাসিন্দা ৰাজাভাউ মানদাৰেই কয় যে গাঁওখনৰ সকলো মানুহে গাখীৰ উৎপাদন কৰে যদিও কোনেও সেই গাখীৰ বিক্ৰী নকৰে।

আনকি গাঁওৰ মুছলমান লোক সকলেও সেই নিয়ম মানি অহা বুলি তেওঁ কয়।

প্ৰতি বছৰে জন্মাষ্টমী মহা ধুমধামেৰে গাঁওখনত উদযাপন কৰা হয় যদিও এই বছৰ ক’ৰ’ণাতংকৰ বাবে গাঁওখনত পূৰ্বৰ দৰে জন্মাষ্টমী জাকজমকীয়াকৈ পালন কৰা নহ’য় বুলি তেওঁ কয়।