আছাম ৰাইফলছৰ থৌবাল বেটেলিয়ন আৰু খংজোম আৰক্ষীৰ দ্বাৰা আইইডি উদ্ধাৰ

Assam Rifles detects IED PIC Assam Rifles(4)

৯ ছেক্টৰ আছাম ৰাইফলছৰ থৌবাল বেটেলিয়ন আৰু  খংজোম আৰক্ষীয়ে  ৩ অক্টোবৰত এটা শক্তিশালী আইইডি বিষ্ফোৰক নিষ্ক্ৰিয় কৰি এটা ভয়াবহ কূটাঘাটৰ পৰা অঞ্চলটোক ৰক্ষা কৰাত সক্ষম হয়। আছাম ৰাইফলছৰ সূত্ৰই জনোৱা মতে থৌবাল জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-১০২ত বিষ্ফোৰকটো স্থাপন কৰা হৈছিল।

উদ্ধাৰ হোৱা আইইডিখিনিৰ ওজন আছিল প্ৰায় ৮ কেজি আৰু ইয়াক এটা কালভাৰ্টৰ কাষত সংস্থাপন কৰি এটা এলুমিনিয়ামৰ পাত্ৰৰে ঢাকি থৈ দিয়া হৈছিল।পৰি থকা গছপাতৰ তলেৰে লৈ গৈ ৱাংজিঙৰ ওচৰৰ ইম্ফল-মোৰেহ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰি থৈছিল বুলি আছাম ৰাইফলছৰ (দক্ষিণ) জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনাইছে।

এক বিশেষ সূত্ৰৰ পৰা আইইডিখিনি স্থাপন কৰাৰ খবৰ লাভ কৰি থৌবাল বেটেলিয়ন আৰু খংজোম আৰক্ষীয়ে যুটীয়াভাৱে তালাচী চলাই বিষ্ফোৰকখিনি উদ্ধাৰ কৰে।

আছাম ৰাইফলছ আৰু খংজোম আৰক্ষীৰ সময়োচিত কাৰ্যই থৌবাল জিলাক এটা বিৰাট বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাই নহয়, মণিপুৰৰ শান্তি বিঘ্নিত কৰিবলৈ উঠি পৰি লাগি থকা ইউজি গোটটোৰ কূটাঘাতমূলক কাৰ্য ব্যৰ্থ কৰাতো সফল হৈছে। আইইডি বিষ্ফোৰকখিনি উদ্ধাৰ কৰিব পৰাটোৱে আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে সমূহীয়াভাৱে ৰাজ্যখনত শান্তি বজাই ৰখাৰ প্ৰচেষ্টাও সফল হোৱাটোকো প্ৰমাণ কৰিছে।