ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ঐতিহাসিক যুগৰে পৰা পৰম্পৰাগতভাৱে চলি অহা ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাথলিত দ্বিতীয়দিনাও প্ৰচণ্ড শীতকো নেওচি হাজাৰ হাজাৰ লোকৰ সমাগমেৰে জনসমুদ্ৰত পৰিণত হয়।

জাগীৰোড নগৰৰ পৰা পাঁচ কিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত অনুষ্ঠিত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত জোনবিল মেলাত আধূনিক যুগৰ মুদ্ৰা প্ৰচলনৰ বিপৰীতে পৌৰাণিক বিনিময় প্ৰথা উজ্বলি উঠে।

ইয়াৰ পাছতেই জোনবিলত আৰম্ভ হয় সমূহীয়া মাছমৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ।

শুকুৰবাৰে কাহিলি পুৱাৰে পৰা আৰম্ভ হোৱা প্ৰাচীন বিনিময় প্ৰথাৰ হাট পূৱা দহ বজাত আনুষ্ঠানিকভাৱে সামৰণি পৰে।

ক্ষন্তেকৰ বাবে আধূনিক মূদ্ৰাৰ প্ৰচলন স্থবিৰ হৈ পৰাৰ পিছত পৰম্পৰাগত বিনিময় প্ৰথাৰ বিৰল দৃশ্য উপভোগ কৰে লক্ষাধিক দেশী-বিদেশী লোকে।

তিৱা গোভা ৰজাৰ পূৰ্ৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ভোজ-ভাতেৰে কালিৰে পৰা আৰম্ভ হোৱা ঐতিহাসিক জোনবিল মেলাস্থলিত প্ৰত্যাৱৰ্তন ঘটিল পাহাৰৰ মামা-মামীসকলৰ।

ওৰে নিশা ধান খেৰৰ নৰাৰে সাজি লোৱা অস্থায়ী পঁজা ঘৰত নিশাতো কটাই পুৱতি নিশাৰে পৰা পাহাৰৰ উৎপাদিত সামগ্ৰী বিনিময় কৰাত তেঁওলোক ব্যস্ত হৈ পৰে।

মামা-মামীসকলে নিজৰ লগত অনা আদা, হালধি, লাও, কচু, শিল কোমোৰা আদিৰ লগত ভৈয়ামৰ সান্দহ, তিলপিঠা, লাড়ু, মাছ আদিৰে প্ৰত্যক্ষ বিনিময় কৰে।

ভৈয়ামৰ সামগ্ৰীৰ মেটমৰা খাদ্য সম্ভ্ৰাৰ লৈ উৰুকা উদযাপন কৰিবলৈ মামা-মামীসকল পুনৰ পাহাৰলৈ ৰাওনা হয়।

উল্লেখ যোগ্য যে, শনিবাৰে অনুষ্ঠিত হ’ব ঐতিহাসিক গোভা দেওৰজাৰ ৰাজদৰবাৰ।

দৰবাৰত গোভা ৰজা দীপসিং দেওৰজাৰ আন ওঠৰগৰাকী পৰম্পৰাগত প্ৰতীকী ৰজাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজভাট্টা প্ৰদান কৰা হ’ব লগতে উক্ত ৰাজভাট্টা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বাবে তেঁওৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি মেলা পৰিচালনা সমিতিৰ সম্পাদক জোৰসিং বৰদলৈয়ে জানিবলৈ দিয়ে।

ইয়াৰ পৰিবৰ্তে  স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব।

বৰ্তমানৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত গোভা ৰজ্যৰ ৰাজতন্ত্ৰৰ কোনো ধৰণৰ ভূমিকা নাই যদিও প্ৰতীকী ৰূপত হ’লেও এই ৰাজ্যখনৰ ৰাজব্যৱস্থা আজিও জোনবিল মেলাত বিদ্যমান হৈ আছে।

জোনবিল মেলাৰ মাজেৰে জিলিকাই তোলা হৈছে পাহাৰ- ভৈয়ামৰ লোকৰ ভাতৃত্ববোধ তথা সম্প্ৰিতিৰ এনাজৰী।ইয়াৰোপৰি অক্ষত হৈ আছে প্ৰাচীন গোভা ৰজ্যৰ ঐতিহ্য আৰু পৰম্পৰাৰে ভূমিপুত্ৰ তিৱাসকলৰ জাতীয় কৃষ্টি-সংস্কৃতি।