• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2023 8:09 pm
protest against NPS
1.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে আজি দিল্লীৰ ৰামলীলা ময়দানত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে একত্ৰিত প্ৰতিবাদ সাব্যস্ত কৰে।

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰী কৰ্মচাৰীসকলে। নেশ্যনেল মুভমেণ্ট ফৰ অ’ল্ড পেঞ্চন স্কীম (NMOPS) উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী।

এই প্ৰতিবাদত ২০ খনতকৈও অধিক ৰাজ্যৰ চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পুৰণি পেঞ্চন নীতি পুনৰ কাৰ্যকৰী কৰাৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী কৰ্মচাৰীসকলে।

ইফালে এই প্ৰতিবাদৰ মাজতে কংগ্ৰেছ শাসিত ৰাজ্যসমূহে পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তন কৰিছে বুলি দাবী কৰি কংগ্ৰেছ দলে প্ৰতিবাদলৈ সমৰ্থন আগবঢ়ায়। কংগ্ৰেছে প্ৰতিবাদলৈ মুকলি সমৰ্থন জনাই পুৰণি পেঞ্চন নীতি কৰ্মচাৰীৰ অধিকাৰ বুলি দাবী কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও পুৰণি পেঞ্চন নীতিৰ প্ৰতি সমৰ্থন জনাই দিল্লী চৰকাৰী কৰ্মচাৰীৰ বাবে এই আঁচনি ৰূপায়ণ কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে বুলি মন্তব্য কৰে। নতুন পেঞ্চন নীতিক কৰ্মচাৰীৰ বিৰুদ্ধে অন্যায় আখ্যা দিয়ে কেজৰিৱালে।

পঞ্জাৱৰ আপ চৰকাৰে ৰাজ্যখনত পুৰণি পেঞ্চন নীতি ৰূপায়ণ কৰা বুলি উল্লেখ কৰি কেজৰিৱালে দিল্লীৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও পুৰণি পেঞ্চন নীতি ৰূপায়ণৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি এক ফেচবুক পোষ্টযোগে কেজৰিৱালে সদৰী কৰে।

Recent News

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd