ল’কডাউনৰ সামৰণি পৰা বুলি মুম্বাইৰ বাণ্ড্ৰা ষ্টেশ্যনত হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ ভিৰ; আৰক্ষীৰ লাঠিচালনা

Story-4-5-1140x570

বাণ্ড্ৰা ষ্টেশ্যনত হোৱা ভিৰৰ দৃশ্য

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশত ল’কডাউন ৩ মে’লৈ বৃদ্ধি কৰাৰ সময়তে আজি মুম্বাইৰ বাণ্ড্ৰা ষ্টেশ্যনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

আজি ল’কডাউন সামৰণি পৰিব বুলি ভাবি নিজ ঘৰলৈ উভতি যোৱাৰ আশাৰে মুম্বাইৰ বাণ্ড্ৰা ষ্টেশ্যনত হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে ভিৰ কৰে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বাৰ বাৰ অনুৰোধ কৰি থকাৰ পাছতো মুম্বাইত আজি এনেদৰে হাজাৰ হাজাৰ লোকে ল’কডাউন ভংগ কৰি ওলাই অহা ঘটনাই প্ৰশাসনক বিপাঙত পেলাইছে।

আনহাতে, মুম্বাইৰ বাণ্ড্ৰা ষ্টেশ্যনলৈ বুলি ওলাই অহা হাজাৰ হাজাৰ শ্ৰমিকক নিজ নিজ আশ্ৰয় গৃহলৈ ওভতাই পঠোৱাৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয়।

প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ বহুতে আমাক থকা ঠাই আৰু খাদ্য নালাগে আমি ঘৰলৈ যাব বিচাৰো বুলি মন্তব্য কৰে।

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নেতা সকলে শ্ৰমিক সকলৰ ওচৰত থিয় দি তেওঁলোকে থকা আৰু খোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাত ভূগিবলগীয়া নহয় বুলি সান্তনা দিয়ে।

উল্লেখযোগ্য যে, সমগ্ৰ দেশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায়ত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পাছতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাই থকা বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত পুনৰ ৩ মে’লৈ ল’কডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।