নিবনুৱা সমস্যাই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ : চাফাইকৰ্মীৰ পদৰ বাবে আবেদন হাজাৰ হাজাৰ স্নাতকোত্তৰ প্ৰাৰ্থীৰ

নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত বিপদত পৰিছে বিজেপি চৰকাৰ। প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ মুখ ঠেকেছা খাইছে হাৰিয়ানাৰ চৰকাৰে।  ভোটবেংকৰ স্বাৰ্থত বিজেপি চৰকাৰে চৰকাৰী খালী পদৰ বাবে নিযুক্তি আৰম্ভ কৰিছে। কিন্তু নিযুক্তি প্ৰক্ৰিয়াত বিপদৰ মুখামুখি হৈছে বিজেপি চৰকাৰ।

হাৰিয়ানা চৰকাৰে আৰম্ভ কৰিছে চাফাইকৰ্মীৰ বাবে নিযুক্তি প্ৰক্ৰিয়া। এই পদৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীয়ে।

ইয়াৰ পিছতে সৰব হৈ পৰিছে কংগ্ৰেছ দো। কংগ্ৰেছে এই কথাটোক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে।

উল্লেখ্য যে দেশৰ সকলো ৰাজ্যতে কম বেছি পৰিমাণে নিবনুৱাৰ সমস্যা আছে। নিৰ্বাচনৰ পূৰ্বে নিবনুৱা সমস্যা সমাধান কৰিব বিচাৰে সকলো চৰকাৰে। যাতে বিৰোধী শিবিৰে নিবনুৱা সমস্যাক লৈ প্ৰচাৰ চলাব নোৱাৰে। লোকসভা নিৰ্বাচনত হাৰিয়ানাত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। ১০ খন আসনৰ ভিতৰত ৫ খন আসনত জয়ী হয়। সেই সময়তো ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাই আছিল কংগ্ৰেছৰ আহিলা।

গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই কথা মনত ৰাখি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ৰাজ্যখনত ৫০ হাজাৰ খালী পদৰ নিযুক্তি আৰম্ভ হ’ব। ইয়াৰ পৰা দেখা যায় যে প্ৰায় ৪০ হাজাৰ স্নাতক আৰু প্ৰায় ৬ হাজাৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে ছুইপাৰ পদৰ বাবে আবেদন কৰিছে। সেই কামৰ মাহিলী দৰমহা ১৫ হাজাৰ টকা।

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে, শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত হাৰিয়ানাৰ যুৱক-যুৱতীসকলক লগ পাইছিলোঁ। আমেৰিকাত চোৰাংভাৱে সোমাই ট্ৰাক চলাই আছে। দুৰ্ঘটনাত আহত হ’লেও তেওঁ ঘৰলৈ উভতি যাব পৰা নাই। তেওঁলোকে মোক তেওঁলোকৰ সমস্যাবোৰ কৈছে। আজি বিজেপিৰ ভুল নীতিৰ বাবে পৰিয়ালৰ পৰা বহু দূৰত কাম কৰিবলৈ বাধ্য হৈছে তেওঁলোক।

ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ ১৫ৰ পৰা ২৯ বছৰীয়া প্ৰতি তিনিজনৰ ভিতৰত এজন নিবনুৱা।

পুনৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা ভূপেন্দ্ৰ সিং হুডাই কয়, “হাৰিয়ানাত নিবনুৱাৰ হাৰ ৩৪ শতাংশ।” ৰাজ্য চৰকাৰত খালী হৈছে ২ লাখৰো অধিক পদ। চৰকাৰে স্থায়ী পদত নিযুক্তি দিয়া নাই। সকলোতে ঠিকাভিত্তিক শ্ৰমিক। যিসকলে সময়মতে দৰমহা পোৱা নাই। এইদৰেই বিজেপিয়ে চৰকাৰ চলাব বিচাৰিছে।