নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

সোমবাৰে আন্তৰ্জাতিক মহিলা দিৱসৰ দিনাই কৃষক বিক্ষোভৰ মহিলা প্ৰতিবাদকাৰীসকলে এইবাৰ দেশৰ ৰাজধানী দিল্লীত শক্তি প্ৰদৰ্শন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ সাজু হৈছে।

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই মহিলা প্ৰতিবাদকাৰীসকলে পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন জিলাৰ পৰা ৰাজধানী দিল্লীৰ সীমান্ততলৈ আহিছে। ইয়াৰে বহুতেই আনকি ট্ৰেক্টৰো চলাই আহিছে।

মহিলা প্ৰতিবাদকাৰীসকলে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই প্ৰতিবাদস্থলীত প্ৰতিবাদৰ নেতৃত্ব দিব।

কৃষক নেতাসকলে জানিবলৈ দিয়া মতে কৃষি তথা জীৱনত মহিলাৰ ভূমিকাৰ স্বীকৃতি হিচাপে আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

স্বৰাজ ইণ্ডিয়াৰ সভাপতি যোগেন্দ্ৰ যাদবে কয়,’’সংযুক্ত কিষান মৰ্চাই সদায় আন্দোলনৰ সময়ত মহিলা কৃষকসকলৰ শক্তিক গুৰুত্ব প্ৰদান কৰি আহিছে। টোল প্লাজাৰ স্থানসমূহতে হওক বা স্থায়ী প্ৰতিবাদস্থলীতে হওক সকলো স্থানতে মহিলাসকলে প্ৰতিবাদৰ নেতৃত্ব দিব।‘’

কৃষক সংগঠনসমূহে দাবী কৰে যে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০,০০০মহিলাই সিংঘু, তিক্ৰী আৰু গাজীপুৰ সীমান্তকে ধৰি দিল্লীৰ প্ৰতিবাদস্থলীসমূহত সমৱেত হ’ব।

ভাৰতীয় কিষান য়ুনিয়নে মহিলা প্ৰতিবাদকাৰীসকলক কঢ়িয়াই অনাৰ বাবে ৫০০খন বাছ, ৬০০খন মিনিবাছ, ১১৫খন ট্ৰাকৰ লগতে ২০০খন সৰু গাড়ীৰ ব্যৱস্থা কৰিছে।