কা বাতিলৰ দাবীত সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত বিশাল প্ৰতিবাদ

IMG-20200108-WA0034

ফটো : নৰ্থ-ইষ্ট নাও

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। আইনখন বাতিলৰ দাবীত আজি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মটক চাহ বগিচাৰ খেলপথাৰত হাজাৰ হাজাৰ লোক একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

লাহোৱালৰ জনতাই কা বাতিলৰ দাবীত হাতে হাতে প্লে কাৰ্ড, বেনাৰ আদি লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।

প্ৰতিবাদী সভাত উপস্থিত জনতাক উদ্দেশ্যি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক সম্পাদক ৰাজীৱ গগৈয়ে কয়, ‘এই আইনখন আসাংবিধানিক আৰু সংবিধানৰ ধৰ্মীয় নিৰপেক্ষতাত আঘাত হানিছে, সেয়ে আমি এই আইনখন বাতিল কৰিবলৈ দাবী জনাইছো’।

‘এই আইনখনৰ বিৰুদ্ধে অসমত আৰম্ভণিৰে পৰা তীব্ৰ প্ৰতিবাদ হৈ আছে। কিন্তু প্ৰতিবাদক আওকান কৰি বিজেপিয়ে বলপূৰ্বক এই আইনখন আমাক জাপি দিছে’। এইদৰে কয় গগৈয়ে।

তেওঁ লগতে অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায়।

এই প্ৰতিবাদী সভাতে চাবুৱাৰ সদ্য বিজেপি ত্যাগী নেতা যুগল বৰুৱাই কয়, ‘সৰ্বাননম্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কা জাপি দি অসমৰ মানুহক বিশ্বাসঘাটকতা কৰিছে। আমি আইনখনৰ বিৰোধিতা কৰো আৰু বাতিলৰ দাবী জনাইছো’।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা এজন প্ৰতিবাদকাৰীয়ে কয়, ‘যেতিয়ালৈ এই আইনখন বাতিল নকৰে তেতিয়ালৈ আমি প্ৰতিবাদ কৰি যাম’।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত শিল্পী সমাজেও অংশ লোৱা বুলি জানিব পৰা গৈছে।