NORTHEAST NOW (Assamese)

বেংক একত্রীকৰণৰ প্রতিবাদত মঙলবাৰে দেশজোৰা ধৰ্মঘট; সমস্যাৰ সন্মুখীন হ’ব পাৰে গ্ৰাহক

October 21, 2019 11:40 am · এন ই নাও নিউজ
ফটো উৎস: ইন্টাৰনেট

বেংক একত্ৰীকৰণৰ প্ৰতিবাদত পুনৰ ধৰ্মঘটৰ বাবে সাজু হৈছে বেংক কৰ্মচাৰীৰ সংগঠনসমূহ। মঙলবাৰে পুনৰ দেশজোৰা বেংক ধৰ্মঘটৰ আহ্বান দিছে বেংক কৰ্মচাৰীসকলৰ তিনিটা সংগঠনে।

ইণ্ডিয়া বেংক এমপ্লয়ইজ এছোছিয়েশ্যন, বেংক এমপ্লয়ইজ এছোছিয়েশ্যন অফ ইণ্ডিয়া আৰু অল ইণ্ডিয়া ট্ৰেড য়ুনিয়ন কংগ্ৰেছ নামৰ এই তিনিটা সংগঠনে একেলগে এই ধৰ্মঘটৰ আহ্বান দিছে।

সূত্ৰসমূহে জনোৱা মতে, একমাত্ৰ বেংক একত্ৰীকৰণৰ প্ৰতিবাদেই নহয়, অনাদায়ী ঋণ আদায়, বেংকৰ আন্ত:গাঁথনি পুনৰ্নিমাণত থকা আসোঁৱাহসমূহকলৈয়ো সংগঠনকেইটাই প্ৰতিবাদ কৰিব।

সপ্তাহটোৰ দ্বিতীয়টো দিনটোতেই বেংকৰ ধৰ্মঘটৰ ফলত গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে।

দেশৰ খহি পৰা অৰ্থনীতিক সাৰ পানী দিয়াৰ স্বাৰ্থত বেংকিং ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিছে বিত্ত মন্ত্ৰালয়ে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০টা ৰাষ্ট্ৰীয়কৃত বেংকৰ একত্ৰীকৰণৰ জৰিয়তে ৪টা বেংকলৈ ৰূপান্তৰিত কৰাৰ কথা ঘোষণা কৰিছে।

ইয়াৰ ফলত ওৰিয়েন্টেল বেংক অফ কমাৰ্ছ, য়ুনাইটেড বেংক, এলাহাবাদ বেংক, ইণ্ডিয়ান বেংক সুকীয়া হৈ নাথাকে। তদুপৰি, কানাড়া বেংক, ছিণ্ডিকেট বেংক আৰু য়ুনিয়ন বেংক তথা অন্ধ্ৰ বেংকো চামিল হৈ যাব।

ইপিনে, ইয়াৰ বাবে কৰ্মচাৰীয়ে চাকৰি হেৰওৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। সেয়েহে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ এই ঘোষণাৰ প্ৰতিবাদত বেংকৰ কৰ্মচাৰী সংগঠনকেইটা প্ৰতিবাদত নামি পৰিছে।

অৱশ্যে, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা জানিব দিয়া মতে ধৰ্মঘটৰ আহ্বান দিয়া সংগঠন তিনিটাৰ মাজত এছ বি আইৰ কৰ্মচাৰী অতি কম সংখ্যকহে আছে। সেয়েহে, তেওঁলোকে এছ বি আইৰ শাখাসমূহত ধৰ্মঘটৰ প্ৰভাৱ পৰাৰ কোনো সম্ভাৱনা নাই বুলি কৈছে।

Related News