অশান্ত মণিপুৰত গোষ্ঠীগত সংঘাতত সন্ধানহীন হৈ থকা এগৰাকী মহিলা আৰু দুটি শিশুৰ মৃতদেহ নদীত উদ্ধাৰ হৈছে। আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ সূত্ৰ অনুসৰি তিনিওজনেই মেইটেই সম্প্ৰদায়ৰ।
শুকুৰবাৰে সন্ধিয়া জিৰিমুখ অঞ্চলৰ পৰা উদ্ধাৰ হয় তিনিটা মৃতদেহ। সেই অঞ্চলত জিৰি নদী বৰাক নদীৰ লগত মিলি গৈছে। তাৰপৰা মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মণিপুৰৰ জিৰিবামৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই ঘটনাক কেন্দ্ৰ কৰি জিৰিবামত কুকি আৰু মেইটেই গোষ্ঠীৰ মাজত আন এক বৃহৎ সংঘাতৰ আশংকা কৰিছে প্ৰশাসনে।
লগতে পঢ়কঃ চিকিৎসালয়ৰ নৱজাতক সেৱা বিভাগত ভয়ংকৰ অগ্নিকাণ্ড; ১০টি নৱজাতকৰ মৰ্মান্তিক মৃত্যু
যোৱা সোমবাৰে জিৰিবামৰ বৰোবেকৰা অঞ্চলৰ পৰা সন্ধানহীন হৈছিল মেইটেই সম্প্ৰদায়ৰ একেটা পৰিয়ালৰ ৬ জন সদস্য। ইয়াৰ ভিতৰত তিনিগৰাকী মহিলা আৰু তিনিটা শিশু আছিল। কুকি সম্প্ৰদায়ৰ অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে ছয়জন লোকক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে মেইটেই সম্প্ৰদায়ে।
যোৱা জুন মাহত দুয়োটা গোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছতে বৰোৱেকৰা আৰক্ষীৰ আউটপোষ্ট এলেকাত মেইটেই সম্প্ৰদায়ৰ লোকসকলক আশ্ৰয় শিবিৰত ৰখা হৈছিল। অভিযোগ অনুসৰি যোৱা সোমবাৰে কুকি উগ্ৰপন্থীয়ে আশ্ৰয় শিবিৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ পিছত ৬ জন লোকক অপহৰণ কৰা হয়।
কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতি অভিযান আৰম্ভ কৰে। আৰক্ষীৰ গুলীত নিহত হয় ১০ জন অস্ত্ৰধাৰী উগ্ৰপন্থী। অৱশ্যে একে সময়তে মেইটেই সম্প্ৰদায়ৰ দুজন বৃদ্ধ লোকৰ মৃতদেহও উদ্ধাৰ কৰে আৰক্ষীয়ে।
লগতে পঢ়কঃ ক্ষমতাত মত্ত আৰক্ষী বিষয়াৰ কাণ্ড! নিৰ্মমভাৱে ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত ভাৰ্গৱ বৰবৰা
সোমবাৰৰ পৰা মেইটেই সম্প্ৰদায়ৰ লোকে অপহৃতসকলক মুকলি কৰি দিয়াৰ দাবীত জিৰিবামত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শুকুৰবাৰে সন্ধিয়া অপহৃত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও বাকী তিনিজনৰ মৃতদেহ এতিয়াও সন্ধানহীন হৈ আছে।