• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসালয়ৰ নৱজাতক সেৱা বিভাগত ভয়ংকৰ অগ্নিকাণ্ড; ১০টি নৱজাতকৰ মৰ্মান্তিক মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 16, 2024 8:53 am
ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত কমেও ১০ টা নৱজাতকৰ মৃত্যু হয়। ফটোঃ সংগ্ৰহীত।

ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত কমেও ১০ টা নৱজাতকৰ মৃত্যু হয়। ফটোঃ সংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ বাবে নিৰ্দ্ধাৰিত আই চি ইউ বিভাগত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। সেই অগ্নিকাণ্ডত কমেও ১০ টা নৱজাতকৰ মৃত্যু হয়। লগতে এই অগ্নিকাণ্ডত ১৬ জন লোক আহত হয়। জানিব পৰা মতে, এই ঘটনাৰ পিছত মুঠ ৩৭ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

এই অগ্নিকাণ্ডৰ সন্দৰ্ভত কানপুৰ জ’নৰ এডিজি আলোক সিঙে কয় যে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে। সেই সময়ত মৃত কেঁচুৱাকেইটা ইনকিউবেটৰত আছিল। তেওঁ লগতে কয় যে ঘটনাৰ সময়ত সেই ৱাৰ্ডত ৪৭ টা শিশু ভৰ্তি হৈ আছিল। ইফালে, ঝাঁচীৰ ডি আই জি কালানিধি নাইথানীয়েও সেই স্থান পৰিদৰ্শন কৰাৰ পিছত মৃত আটাইকেইটিয়ে শিশু আৰু আন ১৬ জন আহত হোৱা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃ টিম ইণ্ডিয়াৰ সূৰ্যোদয়! সঞ্জু-তিলকৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে অন্তিম টি-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

Apply Now

এই দুৰ্ঘটনা সন্দৰ্ভত ঝান্সী জিলা দণ্ডাধীশে কয়, ‘’নিশা ১০:৩০ বজাৰ পৰা ১০:৪৫ বজাৰ ভিতৰত এনআইচিইউ ইউনিটৰ ভিতৰত শ্বৰ্ট চাৰ্কিট হৈছিল। এই পৰিস্থিতিত ইউনিটৰ দুৱাৰৰ ওচৰৰ শিশুসকলক প্ৰথমে উদ্ধাৰ কৰা হয়। ইফালে ইউনিটৰ ভিতৰৰ বহু লোককো উদ্ধাৰ কৰা হয়। অৱশ্যে দুৰ্ভাগ্যজনকভাৱে এই পৰ্যন্ত ১০টা শিশুৰ মৃত্যু হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে তৎক্ষণাত সঁহাৰি জনাই বহু শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি গুৰুতৰভাৱে আহতসকলৰ চিকিৎসা আগবঢ়াইছো। কৰ্তব্যৰত কৰ্মচাৰীসকলেও কয় যে শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ড সংঘটি হৈছে।‘’

ইপিনে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে এই অগ্নিকাণ্ডৰ খবৰ পাই সেই স্থানলৈ যায়। তালৈ গৈ সাংবাদিকৰ মুখামুখি হৈ তেওঁ কয়, ‘ফেব্ৰুৱাৰী মাহতেই ইয়াত ফায়াৰ ছেফটি অডিট কৰা হৈছিল। জুন মাহত ইয়াত মক ড্ৰিলৰো আয়োজন কৰা হৈছিল। অৱশ্যে এইটো কেনেকৈ আৰু কিয় হ’ল, তদন্তৰ প্ৰতিবেদন ওলোৱাৰ পিছতহে আমি ইয়াৰ বিষয়ে কিবা এটা ক’ব পাৰো… মৃত নৱজাতকৰ ভিতৰত ৭টা মৃতদেহ চিনাক্ত কৰা হৈছে। ৩টা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই… মৃত আৰু আহত নৱজাতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।’

লগতে পঢ়কঃ ক্ষমতাত মত্ত আৰক্ষী বিষয়াৰ কাণ্ড! নিৰ্মমভাৱে ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত ভাৰ্গৱ বৰবৰা

আনহাতে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছ’চিয়েল মিডিয়াত বাৰ্তা লিখি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। এই সন্দৰ্ভত তেওঁ লিখিছে, ‘ঝান্সী জিলা চিকিৎসা মহাবিদ্যালয়ৰ এন আই চি ইউত দুৰ্ঘটনা সংঘটিত হৈ শিশুৰ মৃত্যু অতি দুখজনক আৰু হৃদয় বিদাৰক। জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলক যুদ্ধকালীন অভিযানত উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে বিদেহী সকলৰ আত্মাক শান্তি প্ৰদান কৰে। আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আহতসকল সোনকালে সুস্থ হৈ উঠে।’ 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd