NORTHEAST NOW (Assamese)

GST ফাঁকি দি কোটি কোটি টকা লুন্ঠন চলোৱাৰ অভিযোগত যোগীঘোপাৰ তিনি কয়লা ব্যৱসায়ী আটক

March 12, 2023 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 12, 2023 8:36 pm

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি কেলেংকাৰীৰ শূন্য সহনশীলতাৰ ঘোষণা বাৰম্বাৰ অসাৰত পৰিণত হৈছে যে এয়া ধুৰূপ।

মুলতঃ বিত্ত বিভাগটো যে মূৰৰ পৰা গেলিছে সেয়া অৱশেষত এই ঘটনাই প্ৰতীয়মান কৰিলে। চৰকাৰী বিত্ত বিভাগৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত খোদ চৰকাৰী মন্ত্ৰী বিধায়ক জড়িত নাথাকিলে GST সংগ্ৰহৰ ক্ষেত্ৰত কয়লা ব্যৱসায়ীয়ে কেনেকৈ ফাঁকি দিয়ে এয়া এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে।

বঙাইগাঁও জিলাৰ যোগীঘোপাত এক কৰ সংগ্ৰহৰ বিয়াগোম চৰকাৰী কাৰ্য্যালয় থকাৰ পিছতো যোগীঘোপা কয়লা বজাৰত GST ফাঁকি দি মেঘালয় ৰাজ্যৰ পৰা বঙাইগাঁও আৰু ধুবুৰী জিলাৰ মাজেৰে বহিঃ ৰাজ্যত নিতৌ শ শ ট্ৰাক আৰু ৰে’লেৰে এই কয়লা সৰবৰাহ হৈ আছে।

পিছে আজি যোগীঘোপা আৰক্ষীয়ে বিশেষ তথ্যৰ ভিত্তিত GST ফাঁকি দি কয়লা ব্যৱসায় কৰা তিনিজন ব্যৱসায়ীক ছয়খন কয়লা ভৰ্ত্তি ট্ৰাক সহ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যৱসায়ী কেইজন খুশী মোহন চিদদা, আলেকজেণ্ডাৰ ৰহমান আৰু মেহতাব হুছেইন ওৰফে জোন বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

জব্দ হোৱা ট্ৰাক ছয়খন ক্ৰমে AS-01GC-2950, WB 59B-5062, NL-11-1765, AS-01 LC-0268, AS 17B-1771, AS-01GC-7808 নম্বৰৰ । ইতিমধ্যে আৰক্ষীয়ে ৯৬/২০২৩ নং গোচৰত 120(B),420,468,471 নং ভাৰতীয় দণ্ড বিধি আইনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে যোগীঘোপা কয়লা ব্যৱসায়ত একাংশই দীৰ্ঘদিন ধৰি ভুৱা GST ৰ চালানৰ দেখুৱাই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এতিয়া আৰক্ষীৰ এই তদন্তই পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া সময়ত হে বুজা যাব।

Related News