• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ পৰা আৰম্ভ হ’ল স্বাধীনতা দিৱস উদযাপনৰ তিনি দিনীয়া চৰকাৰী কাৰ্যসূচী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 13, 2018 8:36 pm
সংবাদমেলত কামৰূপ মহানগৰৰ উপায়ুক্ত। ফটো : য়ু বি।

সংবাদমেলত কামৰূপ মহানগৰৰ উপায়ুক্ত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। এই উদ্দেশ্যে আজিৰ পৰা ৰাজ্যৰ আন জিলাসমূহৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে।

সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ স্বাধীনতা দিৱস উৎযাপন থলীত এখন সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে স্বাধীনতা দিৱসৰ বিভিন্ন চৰকাৰী কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দিয়ে।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি উপায়ুক্তজনে জানিবলৈ দিয়ে। একেদৰে কাইলৈ অৰ্থাৎ ১৪ আগষ্টৰ দিনা বিদ্যালয় সমূহত স্বাধীনতা সংগ্ৰামক বিষয় হিচাপে লৈ পোষ্টাৰ তৈয়াৰ কৰা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

“দেশৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে আৰু এই সংগ্ৰামৰ সেনানীসকলৰ বিষয়ে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে জনাৰ সুযোগ পাই তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰি তেওঁলোকৰ মনত দেশভক্তিৰ ভাব জগাই তোলাৰ বাবে প্ৰয়াস চলোৱা হৈছে।”, সংবাদমেলত উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে কয়।

উল্লেখযোগ্য যে ১৫ আগষ্টৰ পুৱা ৯ বজাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে আৰক্ষী আৰু সামৰিক বাহিনীৰ উপৰি বিভিন্ন শিজ্ক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ এন চি চি আৰু স্কাউট এণ্ড গাইডে অভিবাদন জনাব বুলি উপায়ুক্তই জানিবলৈ দিয়ে।

এই অনুষ্ঠানতে কেইবাগৰাকীও কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰাৰ উপৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্য পৰিৱেশন কৰা হ’ব।

ইয়াৰ উপৰি ১৫ আগষ্টৰ দিনা গুৱাহাটীৰ ১৪টা ছবি গৃহত দিনৰ এঘাৰ বজাত ছাত্ৰ-ছাত্ৰীৰ বাবে একোখনকৈ দেশপ্ৰেমমূলক ছবি বিনামূলীয়াকৈ প্ৰদৰ্শিত হ’ব বুলি উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে প্ৰকাশ কৰিছে। অষ্টম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে এই ছবি চোৱাৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে শিক্ষানুষ্ঠানে প্ৰদান কৰা পৰিচয় পত্ৰ লৈ ছবি ঘৰলৈ যাব লাগিব বুলি তেওঁ জনায়।

ইপিনে বতৰৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ১৫ আগষ্টৰ দিনা আনবাৰতকৈ কম কাৰ্যসূচী ৰখা হৈছে বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

একেখন সংবাদমেলতে মহানগৰৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে সুৰক্ষাৰ দিশৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা বুলি জানিবলৈ দিয়ে।

তেওঁ কয়, “সকলো শ্ৰেণীৰ লোকে যাতে আহি সেইদিনা অনুষ্ঠান চাব পাৰে আৰু একে সময়তে যাতে সুৰক্ষাও সুনিশ্চিত হয়, তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা লোৱা হৈছে।”

আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে শৃংখলাবদ্ধতা ৰক্ষা কৰিবলৈও আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd