উমৰাংচুত তিনিদিনীয়া কাৰ্য্যসূচীৰে ফেলকন মহোৎসৱ; অংশ ল’ব অংগৰাগ মহন্তই

DhodoIBUwAA6G0H

ফেলকন মহোৎসৱ আয়োজন স্থলীৰ দৃশ্য

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত অহা ১৫ নৱেম্বৰৰ পৰা ডিমা হাচাও জিলাৰ শিল্পনগৰী খ্যাত উমৰাংচু’ত আৰম্ভ হ’ব তিনিদিনীয়া ‘ফেলকন মহোৎসৱ’।

হাফলংৰ পৰা ১২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰাংচু তুংবুং গাঁৱৰ সমীপৱৰ্তী কপিলী লেক আৰু গলফ খেল পথাৰত মহোৎসৱখনি অনুষ্ঠিত হ’ব।

মহোৎসৱ উপলক্ষে ইতিমধ্যে দেশী বিদেশী পৰ্যটকে  ডিমা হাচাওত বাঁহৰ পতাৰ লগতে স্থানীয় ৰাইজে মহোৎসৱখনৰ মাধ্যমেৰে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব বুলি আশাবাদী হৈ পৰিছে।

দীৰ্ঘসময়ৰ পৰা উমৰাংচু’ত নৱেম্বৰ মাহৰ পৰা আমুৰ ফেলকন নামৰ এবিধ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে আৰু প্ৰতি বছৰ এই আমুৰ ফেলকন নামৰ চৰাইবিধ চাবলৈ পৰ্যটকসকলে উমৰাংচু’ত ভিৰ কৰা পৰিলক্ষিত হৈছে।

তথ্য অনুসৰি,  নৱেম্বৰ মাহৰ পৰা পৰিভ্ৰমী আমুৰ ফেলকন আহি উমৰাংচু’ত বাহৰ পাতে আৰু প্ৰায় এমাহৰ পৰা দেৰ মাহলৈ চৰাইবিধ  উমৰাংচু’ত থকাৰ পিছত বিদায় লয়।

পৰিভ্ৰমী চৰাইবিধকে মূল হিচাপে লৈ  উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে বিগত কেইবা বছৰ ধৰি ফেলকন মহোৎসৱৰ আয়োজন কৰি আহিছে।

উল্লেখযোগ্য যে,  চলিত বৰ্ষত ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰ লৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে ‘ফেলকন মহোৎসৱ’ অনুষ্ঠিত হ’ব।

তিনিদিনীয়া মহোৎসৱখনিত বলীউদৰ বিখ্যাত সংগীত শিল্পী তথা অসম সন্তান অংগৰাগ পাপন মহন্তই সংগীত পৰিবেশন কৰিব।

মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনজাতি সকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্প প্ৰদৰ্শনীৰো ব্যাৱস্থা কৰা হৈছে।