মেঘালয়ত বিধ্বংসী অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু

অগ্নিকাণ্ড

প্ৰতিনিধিত্বমূলক ছবি

মেঘালয়ত শনিবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ৩গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।

ৰাজ্যখনৰ পূব খাছি পাহাৰ জিলাৰ ৰিনজাহ আৰক্ষী থানাৰ অন্তৰ্গত নোনগ্ৰাহ অঞ্চলৰ লুম মাব্ৰহত থকা এটা গেৰেজত উক্ত অগ্নিকাণ্ডৰ ঘটনা সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

ঘটনাটোত প্ৰাণ হেৰুৱা লোককেইজনক ৰেজিষ্টাৰ কুব্ৰাহ, পিনহুনলাং লিংডো আৰু ৱাংকৰডৰ ৱাজ্ৰি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত লোকজনৰ নাম হৈছে ৱিকিষ্টাৰ খাইৰিয়েম।

প্ৰাপ্ত তথ্য মতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত লোকেইজনে গেৰেজৰ ভিতৰত থকা এটা ৰুমত শুই আছিল।

বাতৰি লিখা পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বিলঙৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ছৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।