ইৰাকত সংঘটিত গাড়ী বোমা আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক ফাঁচী দিয়া হৈছে। এই ঘটনাত কমেও ৩২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০০ জন লোক আহত হৈছিল। এই ঘটনা সংঘটিত হৈছিল ২০১৬ চনত। ২০০৩ চনত আমেৰিকাৰ নেতৃত্বত ইৰাকৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ পিছত এইটোৱেই আছিল দেশখনৰ ভিতৰতে সৰ্ববৃহৎ বোমা বিস্ফোৰণৰ ঘটনা।
প্ৰধানমন্ত্ৰী মহম্মদ ছিয়া আল চুডানীৰ কাৰ্যালয়ে ফাঁচীৰ কথাটো ঘোষণা কৰে যদিও কাক ফাঁচী দিয়া হ’ল বা কেতিয়া শাস্তি প্ৰদান কৰা হ’ল সেই সন্দৰ্ভত সবিশেষ তথ্য দিয়া হোৱা নাই। অৱশ্যে দেওবাৰ বা সোমবাৰে ফাঁচী দিয়াৰ খবৰ জনোৱা হৈছে।
চৰকাৰী সূত্ৰই জনোৱা মতে, এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি ধাৰণা কৰা গাজৱান আল জাউবিও তিনিজনৰ ভিতৰত অন্যতম। ২০২১ চনত গ্ৰেপ্তাৰ কৰি ইৰাকলৈ ঘূৰাই পঠিওৱা হৈছিল জাউবিক।
লগতে পঢ়ক: কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু
প্ৰধানমন্ত্ৰীয়ে মৃত্যুদণ্ডৰে দণ্ডিত দোষীসকলৰ পৰিয়ালৰ সদস্যসকলক কয় যে “সন্ত্রাসবাদী বোমা বিস্ফোৰণৰ অভিযোগত অভিযুক্ত তিনিজন মূল দোষীৰ ওপৰত তেওঁলোকৰ অপৰাধৰ মাত্ৰা অনুসৰি “যথাযথ মৃত্যুদণ্ড” আৰোপ কৰা হৈছে৷
২০১৬ চনৰ ৩ জুলাইত ইৰাকৰ ৰাজধানী বাগদাদৰ কাৰাডা অঞ্চলৰ এটা ব্যস্ত শ্বপিং মলৰ কাষত বিস্ফোৰকেৰে ভৰা এখন গাড়ী বিস্ফোৰণ ঘটোৱা হয়। এই অঞ্চলটো প্ৰধানকৈ ছিয়া সম্প্ৰদায় প্ৰধান।
ৰমজান মাহৰ ইফতাৰৰ পিছত শ্বপিং মলত আগন্তুক ঈদৰ বাবে বজাৰ কৰি আছিল মানুহে। উৎসৱমুখৰ পৰিৱেশৰ আনন্দ বিস্ফোৰণে মচি পেলায়। বোমা বিস্ফোৰণৰ পিছতে অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত বহু লোকৰ মৃত্যু হয়।
লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই
এই ঘটনাৰ পিছতে গৃহ মন্ত্ৰী মহম্মদ গাব্বানে পদত্যাগ কৰে। তেতিয়াৰ প্ৰধানমন্ত্ৰী মুস্তাফা আল কাধিমীয়ে জাউবিক আক্ৰমণৰ আঁৰৰ “মাষ্টাৰমাণ্ড” বুলি অভিহিত কৰি কৈছিল যে তেওঁৰ সহযোগী হিচাপে “আন বহু লোক” আছে।