শনিবাৰে পুৱা গুৱাহাটী মহানগৰ আৰক্ষীৰ সৈতে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে চলোৱা এক যৌথ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত তিনিজন ব্যক্তিক আটক কৰে।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এছটিএফ আৰু আৰক্ষীৰ দলটোৱে খানাপাৰা উৰণীয়া সেতুৰ ওচৰত অভিযান চলাই তিনিজন ব্যক্তিৰ পৰা ৩০ কিলোগ্ৰাম ভাং জব্দ কৰে।
ধৃত ব্যক্তিকেইজন হৈছে ৰাজেশ ৰায় (৩২), হৃতিক ৰাজ (১৮) আৰু উদয় কুমাৰ (১৯)।
জানিব পৰা মতে কৰিমগঞ্জ জিলাৰ পৰা অনা ভাংখিনি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিলৈ লৈ যোৱাৰ কথা আছিল।
জব্দ কৰা ভাংটোৰ আনুমানিক বজাৰ মূল্য কেইবালাখ বুলি জানিব পৰা গৈছে।
ইতিমধ্যে আৰক্ষীয়ে ভাঙখিনিৰ লগতে ধৃত সৰবৰাহী তিনিজনক বশিষ্ঠ থানাত গতাই দিয়া হৈছে।
তিনি সৰবৰাহকাৰীৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) এক্টৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
লগতে পঢ়কঃ জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: তিনি সেনা জোৱান নিহত
লগতে পঢ়কঃ গ্ৰেপ্তাৰ হ’ল ইমৰান খান: দুৰ্নীতিৰ গোচৰত তিনিবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ
লগতে পঢ়কঃ প্ৰেম আৰু ৰোমাঞ্চৰ ৰাণী! বয়সক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিলে অস্কাৰ বিজয়ী কেট উইন্সলেটে