NORTHEAST NOW (Assamese)

ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ দলৰ মাজৰ সংঘৰ্ষত আহত তিনিজন

March 12, 2022 3:08 pm · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰীৰ আক্ৰমণত আহত এনজিঅ'ৰ কৰ্মী ক্ৰমে ৰনেন্দ্ৰ ওৱাৰী আৰু জয়ন্ত নাৰ্জাৰী। ফটো: নৰ্থইষ্ট নাও।

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰীৰ দৌৰাত্ম বৃদ্ধি পাইছে ৷ যোৱা নিশা বনাঞ্চলখনত চোৰাং চিকাৰীৰ সৈতে বনকৰ্মীৰ দলৰ মুখামুখি সংঘৰ্ষ ঘটে ৷

এই সংঘৰ্ষত বনকৰ্মীক সহযোগ কৰা দুজন বেচৰকাৰী সংস্থাৰ (এন জি অ’) সদস্য ক্ৰমে ৰনেন্দ্ৰ ওৱাৰী আৰু জয়ন্ত নাৰ্জাৰী চোৰাং চিকাৰীৰ দলৰ আক্ৰমণত আহত হয়৷ এই ঘটনাত এজন চোৰাং চিকাৰীও আহত হয়।

সংঘৰ্ষত আহত চোৰাংচিকাৰী অনন্ত বসুমতাৰী। ফটো: নৰ্থইষ্ট নাও।

এন জি অ’ৰ কৰ্মী জয়ন্ত নাৰ্জাৰী আৰু চোৰাং চিকাৰী অনন্ত বসুমতাৰী বৰ্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

চিকিৎসাধীন আহত চোৰাং চিকাৰী অনন্ত বসুমতাৰীক বৰ্তমান আটক কৰা হৈছে ৷

উল্লেখ্য যে চোৰাং চিকাৰী অনন্ত বসুমতাৰীয়ে বি টি আৰ চৰকাৰৰ বন বিভাগৰ আগত পূৰ্বতে আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণ কৰাৰ পিছতো একাংশ চোৰাং চিকাৰী এইদৰে এতিয়াও সক্ৰিয় হৈ আছে। 

Related News