শ্বিলঙত মাস্ক পৰিহিত দুস্কৃতিকাৰীৰ আক্ৰমণত আহত তিনিজন লোক

WhatsApp Image 2022-01-21 at 9.30.29 AM

মাস্ক পৰিহিত দুস্কৃতিকাৰীৰৰ আক্ৰমণত মেঘালয়ৰ ৰাজধানী শ্বিলঙত কমেও তিনিজন লোক আহত হোৱাৰ ঘটনা সংঘটিত হৈছে।

মাস্ক পৰিধানকাৰী দুস্কৃতিকাৰীয়ে বৃহস্পতিবাৰে শ্বিলঙৰ লুমডিয়েংগৰি আৰক্ষী থানাৰ সমীত চোকা অস্ত্ৰৰে লোককেইজনক আক্ৰমণ কৰে।

দুস্কৃতিকাৰীৰ আক্ৰমণত আহত শ্বিলঙৰ এজন দোকানী চন্দন পল (৫৫)ক অভিযোগ অনুসৰি পিছপিনৰ পৰা ছুৰীকাঘাত কৰে।

পলক ততাতয়াকৈ চিকিৎসাৰ বাবে শ্বিলং অসমাৰিক হাস্পাতালত ভৰ্তি কৰা হয়।

লগতে পঢ়ক: T20 World Cup 2022: ২৩ অক্টোবৰত মেলব’ৰ্ণত টী-২০ বিশ্বকাপৰ প্ৰথম মেচত এইবাৰো মুখামুখি হ’ব ভাৰত-পাকিস্তান

আনহাতে, শ্বিলঙৰ গাৰিখানা অঞ্চলৰ দুজন বাসিন্দা নৰজুল মোল্লা (৩০) আৰু আব্দুল চৌধুৰীও (৩৮) আহত হৈছে।

ঘটনা বলি অজনজাতীয় পৰিয়ালৰ সদস্যসকলে মেঘালয় চৰকাৰক শ্বিলঙৰ এই আক্ৰমণৰ ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

‘’আমিও ৰাজ্যখনৰ স্থায়ী বাসিন্দা। কিন্তু আমি সঘনাই আক্ৰমণৰ সন্মুখীন হওঁ। ৰাজ্য চৰকাৰে ব্যৱস্থা ল’বই লাগিব,’’- শ্বিলঙৰ এগৰাকী বাসিন্দা আহত চন্দন পলৰ ভগ্নী ৰুমা পলে কয়।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত ফুল, পোহৰ, টয়লেটৰ বাবে কিমান খৰচ কৰা হৈছিল?

ইপিনে, শ্বিলং আৰক্ষীয়ে ঘটনাটো সম্পৰ্কে এক তদন্ত আৰম্ভ কৰিছে। অৱ্শ্যে আক্ৰমণৰ ঘটনাত জড়িত কোনো লোককে এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই।