নিৰ্বাচন শেষ হোৱাৰ পিছতে পুনৰ ছত্তীশগড় আৰক্ষী আৰু সেনাই মাওবাদী দমন অভিযান আৰম্ভ কৰিছে। দেওবাৰে আৰক্ষী আৰু সেনাৰ যৌথ বাহিনীয়ে ছত্তীশগড়ৰ দন্তেৱাড়া জিলাত মাওবাদী অভিযান আৰম্ভ কৰে। সেই অভিযানত কমেও ৩ জন মাওবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে।
বস্তাৰ আৰক্ষীৰ আই জি সুন্দৰৰাজ পিয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত নিৰাপত্তা বাহিনীয়ে দান্তেৱাড়া আৰু সুকমা সীমান্তৰ কাটেকল্যান থানাৰ অন্তৰ্গত দব্বাকুন্না গাঁৱত মাওবাদী দমন অভিযান আৰম্ভ কৰে।
লগতে পঢ়কঃ বেথলেহমত নাই পোহৰৰ মেলা; যীচুৰ জন্মস্থানত অহা নাই বৰদিন
বনাঞ্চল আৰু পাহাৰেৰে আগুৰি থকা ডাব্বাকুন্না গাঁৱত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষ আৰম্ভ হয়। দীৰ্ঘসময় ধৰি চলা সংঘৰ্ষৰ অন্তত যেতিয়া কিছু বিৰতি হৈছিল তেতিয়া আৰক্ষী আৰু চি আৰ পি এফ জোৱানে বনাঞ্চলৰ ভিতৰৰ পৰা ৩জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে।
অৱশ্যে তেওঁলোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীৰ পৰা গোলাবাৰুদসহ আগ্নেয়াস্ত্ৰও উদ্ধাৰ কৰা হৈছে বুলি আই জি গৰাকীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়কঃ নিৰ্বাচনত ধনবল-বাহুবল প্ৰয়োগৰ প্ৰয়োগ সুস্থ গণতন্ত্ৰৰ পৰিপন্থী : আচিং জেমে
উল্লেখ্য যে কিছুদিন পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত চি আৰ পি এফৰ এজন জোৱান নিহত হৈছিল। আন এজন জোৱান গুলীত আঘাতপ্ৰাপ্ত হৈছিল। দেওবাৰে সেনা আৰু আৰক্ষীৰ যৌথ বাহিনীয়ে তাৰেই প্ৰতিশোধ ল’লে।