NORTHEAST NOW (Assamese)

কামৰূপ মহানগৰ জিলাত পুনৰ তিনিজনৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি; মুঠ আক্ৰান্তৰ সংখ্যা ৮৯ গৰাকীলৈ বৃদ্ধি

May 15, 2020 11:21 pm · কল্পজ্য়োতি শইকীয়া
Updated: May 15, 2020 11:23 pm
প্ৰতিনিধিত্বমূলক ছবি

কামৰূপ মহানগৰ জিলাত পুনৰ তিনিগৰাকী ব্যক্তিৰ শৰীৰত আজি মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰী কৰে।

আজি নতুনকৈ ক’ৰ’নাত আক্ৰান্ত ব্যক্তি তিনি গৰাকীৰ ভিতৰত এগৰাকী সৰুসজাই কোৱাৰেণ্টাইন কেম্পৰ হোৱাৰ বিপৰীতে এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগী আৰু এজন পশ্চিম বংগৰ প্ৰব্ৰজিত লোক।

আজি  ক’ৰ’নাত আক্ৰান্ত হোৱা লোক তিনিজনক ধৰি অসমত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৯ গৰাকীলৈ বৃদ্ধি পালে।

ৰাজ্যৰ ক’ৰ’না আক্ৰান্ত ৮৯ গৰাকী ব্যক্তিৰ ভিতৰত ৪১ গৰাকী ৰোগীয়ে চিকিৎসাৰ অন্তত সম্পুৰ্ণৰূপে সুস্থ হৈ উঠিছে।

অসমত বৰ্তমান ৪৪ টা  এক্টিভ কেচ থকাৰ বিপৰীতে দুজন লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে আৰু দুজন লোকে সুস্থ হৈ গৃহ ৰাজ্যলৈ উভতি গৈছে।

উল্লেখযোগ্য যে, বিগত ১৩ মে’ত ৰাজ্যত ১৫ গৰাকীৰ শৰীৰত আৰু ১৪ মে’ত সাত গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল আৰু আজি পুনৰ ৩ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

Related News