• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব ভাৰতৰ ২২ “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক গতালে ম্যানমাৰে

Nenow এন ই নাও নিউজ
গুৱাহাটী , May 15, 2020 11:36 pm

2 min read

Myanmar Army hands over 22 ‘Most Wanted Militants’ from Northeast India, including top UNLF and NDFB commanders
819
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰ সেনা তাতমাদাৱে শুকুৰবাৰে ২২ গৰাকী “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক ভাৰতৰ হাতত গতাই দিছে।

ম্যানমাৰৰ চাগাইংস্থিত সূত্ৰ অনুসৰি মূলতঃ অসম আৰু মণিপুৰৰ এই ২২ গৰাকী উগ্ৰপন্থীক এক অজ্ঞাত স্থানত শুকুৰবাৰে ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হৈছে।

ম্যানমাৰে গতাই দিয়াসকলৰ ভিতৰত আছে এন ডি এফ বি (এছ)ৰ স্বয়ম্ভূ গৃহ মন্ত্ৰী ৰাজেন দৈমাৰী, ইউ এন এল এফৰ স্বয়ম্ভূ কেপ্তেইন চানাত’ম্বা নিংথৌজাম আৰু PREPAK (Pro)ৰ লেফটেনেণ্ট পাচুৰাম লাইচৰাম।

সূত্ৰসমূহে জনোৱা মতে, এই ২২ গৰাকী উগ্ৰপন্থীক ম্যানমাৰৰ চাগাইং ডিভিজনত যোৱা কেইটামান সপ্তাহত ধৰা পেলোৱা হৈছিল।

ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়া এই ২২ গৰাকী বিদ্ৰোহীৰ ১২ গৰাকী মণিপুৰৰ চাৰিটা পৃথক গোট– UNLF, PREPAK (Pro), KYKL আৰু PLAৰ।

ছজন বিদ্ৰোহী এন ডি এফ বি (এছ)ৰ আৰু চাৰিজন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ।

এয়ে প্ৰথমবাৰৰ বাবে ম্যানমাৰ সেনাই উত্তৰ-পূবৰ “ম’ষ্ট ৱাণ্টেড উগ্ৰপন্থী”ক গতাই দিছে।

আলফাকে ধৰি উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো বিদ্ৰোহী গোটে আপাৰ ম্যানমাৰত বিশেষকৈ কাচিনত থকা প্ৰশিক্ষণ শিৱিৰৰ পৰা কাম-কাজ চলায়।

মণিপুৰৰ উগ্ৰপন্থীকেইজনক ইম্ফালত গতাই দিয়া বুলি উল্লেখ কৰি সূত্ৰসমূহে জনোৱা মতে এখন বিশেষ বিমানেৰে তেওঁলোকক লৈ অহা হৈছে।

গুৱাহাটীত এন ডি এফ বি (এছ)ৰ ছজন উগ্ৰপন্থীক অসম আৰক্ষীয়ে জিম্মাত লোৱা বিপৰীতে কে এল অ’ৰ সদস্যসকলক পশ্চিম বংগ আৰক্ষীক গতাই দিয়া হ’ব।

ম্যানমাৰত বিচ্ছিন্নতাবাদী গোটসমূহৰ বিৰুদ্ধে ভাৰত আৰু ম্যানমাৰে চলোৱা ঐক্যবদ্ধ অভিযানৰ অংশৰূপে শুকুৰবাৰে ম্যানমাৰ সেনাই উগ্ৰপন্থীকেইজনক গতাই দিয়ে।

যোৱা বছৰৰ ফেব্ৰুৱাৰিত কাচিনত থকা ভাৰতৰ উগ্ৰপন্থী গোটসমূহৰ বিৰুদ্ধে ম্যানমাৰ সেনাই এলানি অভিযান চলাইছিল, আৰু এক ডজনতকৈয়ো অধিক প্ৰশিক্ষণ শিৱিৰ ধ্বংস কৰিছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd