অসম আৰক্ষীৰ অপৰাধ শাখাই গুৱাহাটীৰ পৰা নিষিদ্ধ আলফা স্বাধীনৰ নামত মহানগৰীৰ এজন ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
বৃহস্পতিবাৰে গুৱাহাটীৰ অপৰাধ শাখাই, দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘৰবৰী তিনিআলি অঞ্চলৰ বাসিন্দা দেব প্ৰকাশ ভাগৱতী নামৰ এগৰাকী ব্যক্তিৰ পৰা অভিযোগ লাভ কৰে।
তেওঁ জনায় যে তেওঁক অজ্ঞাত মোবাইল ফোন নম্বৰৰ পৰা ফোন কৰি পাঁচ লাখ টকা দাবী কৰা হৈছে। ফোন কৰাজনে নিজকে আলফা-স্বাধীনৰ সদস্য বুলি পৰিচয় দিয়ে।
অভিযোগৰ ভিত্তিত দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩৮৭ (মৃত্যুৰ ভয় বা গুৰুতৰভাৱে আঘাত কৰাৰ ভয় দেখুৱাই ধন দাবী কৰা) ধাৰাত এটা গোচৰ ৰুজু কৰা হয়, আৰু ক্ৰাইম ব্ৰাঞ্চ, গুৱাহাটীৰ লগতে দিছপুৰ আৰক্ষীৰ এটা দলে ঘটনাটোৰ তদন্তত নামি পৰে।
লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু
শুকুৰবাৰে (৮ ছেপ্টেম্বৰ) অচিনাকি ব্যক্তিজনে ভাগৱতীক বহুবাৰ ফোন কৰি প্ৰতিবাৰেই বৰবাৰী, হেংগেৰাবাৰী, স্বৰাজ নগৰকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চললৈ আহি দাবী কৰা ধনখিনি আদায় দিবলৈ নিৰ্দেশ দিয়ে।
সেই অনুসৰি, অপৰাধ শাখাৰ দলটোৱে জাল পেলায় আৰু নিশা প্ৰায় ৮.৪৫ বজাত স্বৰাজ নগৰ অঞ্চলৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা তিনিওজনক মহানগৰীৰ জাপৰিগোগ অঞ্চলৰ বাসিন্দা তথা পেছাত ইলেক্ট্ৰিচিয়ান গৌতম তালুকদাৰ (৩৫),পাঞ্জাবাৰীৰ বাসিন্দা তথা জিএনআৰচি চিকিৎসালয়, দিছপুৰৰ অক্সিজেন অপাৰেটৰ বিকি থাপা (৩২) আৰু স্বৰাজ নগৰৰ বাসিন্দা তথা দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষী তপন তালুকদাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক: দিল্লী বিমানবন্দৰত নামিয়েই নাবালিকাক আলিংগন বাইডেনৰ; কোন এইজনী মায়া?
আটাইকেইজন অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে আৰু এই সন্দৰ্ভত আৰক্ষীৰ দ্বাৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।