• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত আলফা-স্বাধীনৰ নামত ধন দাবী কৰা ৩ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2023 9:43 am
অভিযুক্ত তিনিজন।

অভিযুক্ত তিনিজন।

992
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ অপৰাধ শাখাই গুৱাহাটীৰ পৰা নিষিদ্ধ আলফা স্বাধীনৰ নামত মহানগৰীৰ এজন ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে গুৱাহাটীৰ অপৰাধ শাখাই, দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘৰবৰী তিনিআলি অঞ্চলৰ বাসিন্দা দেব প্ৰকাশ ভাগৱতী নামৰ এগৰাকী ব্যক্তিৰ পৰা অভিযোগ লাভ কৰে।

তেওঁ জনায় যে তেওঁক অজ্ঞাত মোবাইল ফোন নম্বৰৰ পৰা ফোন কৰি পাঁচ লাখ টকা দাবী কৰা হৈছে। ফোন কৰাজনে নিজকে আলফা-স্বাধীনৰ সদস্য বুলি পৰিচয় দিয়ে।

অভিযোগৰ ভিত্তিত দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩৮৭ (মৃত্যুৰ ভয় বা গুৰুতৰভাৱে আঘাত কৰাৰ ভয় দেখুৱাই ধন দাবী কৰা) ধাৰাত এটা গোচৰ ৰুজু কৰা হয়, আৰু ক্ৰাইম ব্ৰাঞ্চ, গুৱাহাটীৰ লগতে দিছপুৰ আৰক্ষীৰ এটা দলে ঘটনাটোৰ তদন্তত নামি পৰে।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

শুকুৰবাৰে (৮ ছেপ্টেম্বৰ) অচিনাকি ব্যক্তিজনে ভাগৱতীক বহুবাৰ ফোন কৰি প্ৰতিবাৰেই বৰবাৰী, হেংগেৰাবাৰী, স্বৰাজ নগৰকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চললৈ আহি দাবী কৰা ধনখিনি আদায় দিবলৈ নিৰ্দেশ দিয়ে।

সেই অনুসৰি, অপৰাধ শাখাৰ দলটোৱে জাল পেলায় আৰু নিশা প্ৰায় ৮.৪৫ বজাত স্বৰাজ নগৰ অঞ্চলৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা তিনিওজনক মহানগৰীৰ জাপৰিগোগ অঞ্চলৰ বাসিন্দা তথা পেছাত ইলেক্ট্ৰিচিয়ান গৌতম তালুকদাৰ (৩৫),পাঞ্জাবাৰীৰ বাসিন্দা তথা জিএনআৰচি চিকিৎসালয়, দিছপুৰৰ অক্সিজেন অপাৰেটৰ বিকি থাপা (৩২) আৰু স্বৰাজ নগৰৰ বাসিন্দা তথা দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষী তপন তালুকদাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: দিল্লী বিমানবন্দৰত নামিয়েই নাবালিকাক আলিংগন বাইডেনৰ; কোন এইজনী মায়া?

আটাইকেইজন অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে আৰু এই সন্দৰ্ভত আৰক্ষীৰ দ্বাৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd