NORTHEAST NOW (Assamese)

সাৱধান!! তিনিচুকীয়াত অনুমতিহীন ঔষধ বিক্ৰী কৰিছে ফাৰ্মাচিয়ে : ৩০ দিনৰ বাবে বন্ধ কৰিলে তিনিখন ফাৰ্মাচি

September 18, 2018 9:08 pm · মানস প্ৰতিম গগৈ
Updated: September 18, 2018 10:13 pm

নিয়ম উলংঘা কৰি ঔষধ বিক্ৰী কৰি থকা তিনিচুকীয়া জিলাৰ ৩খন ফাৰ্মাচিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাস্বৰূপে ৩০ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিছে ডিব্ৰুগড়ৰ উপ ঔষধ নিয়ন্ত্ৰক এইচ্ছ চি দেউৰীয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দায়িত্বত থকা জ্যেষ্ঠ ঔষধ পৰিৰ্দশক কৃষ্ণ বৈশ্যই ফাৰ্মাচিকেইখন আকস্মিক পৰিৰ্দশন কৰিছিল আৰু সেইমতে প্ৰতিবেদন দিছিল।

পৰিদৰ্শনৰ সময়ত উক্ত ফাৰ্মাচিকেইখনে ড্ৰাগছ এণ্ড কছমেটিক ৰুলছ ১৯৪৫-অৰ নিয়ম ভংগ কৰা বুলি ধৰা পেলাইছিল আৰু লগতে বিক্ৰীৰ অনুমতি নথকা সকলবোৰ ঔষধ জব্দ কৰিছিল।

ইয়াৰ পাছতেই এই প্ৰতিবেদনৰ ভিত্তিত  এই ফাৰ্মাচিকেইখনৰ অনুজ্ঞাপত্ৰ আজিৰে পৰা ৩০দিনৰ বাবে অকাৰ্য্যকৰী কৰা হয় আৰু স্বাভাৱিক পৰিণামস্বৰূপে ফাৰ্মাচিকেইখন বন্ধ থাকিব।

Related News