অগৰাতলিৰ গঁড় হত্যাত জড়িত চোৰাং চিকাৰী তিনিজনক গ্ৰেপ্তাৰ; এ কে ৮১ ৰাইফল উদ্ধাৰ

যোৱা ৯ মে'ত সংঘটিত গঁড় হত্যাত জড়িত সাতজন চোৰাং চিকাৰীৰ পলাতক তিনিজনক যোৱা নিশা কৰায়ত্ব কৰে

ফটো : নৰ্থ-ইষ্ট নাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ ডোৰামাৰী বিলৰ পাৰত যোৱা ৯ মে’ত সংঘটিত হোৱা গঁড় হত্যাত জড়িত সাতজন চোৰাং চিকাৰীৰ পলাতক তিনিজন চোৰাং চিকাৰীক যোৱা নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে৷ 

৯ মে’ৰ ঘটনাৰ পাছত যোৱা ১ জুনত কাৰ্বি আংলং আৰক্ষীৰ অভিযানকাৰী দলে চোৰাংচিকাৰীৰ দলৰ তিনিজনক আটক কৰাৰ পাছত যোৱা নিশা দলৰ বাকী তিনি সদস্যক কাৰ্বি আংলং জিলাৰ সিংহাসন পাহাৰৰ গভীৰ অৰণ্যৰ পৰা আটক কৰিছে।

আটক কৰা চোৰাং চিকাৰী কেইজন হ’ল জনথাং থাবগ’ই, মোৱামোৱান আৰু নিংমিয়ালুন লুলুন। চিকাৰী কেইজন মণিপুৰৰ চূড়াচান্দপুৰৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ শেষতীয়া গঁড় হত্যাত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ধৃত চোৰাংচিকাৰী কেইজনে।

আৰক্ষীৰ তদন্তত চোৰাং চিকাৰী কেইজনে কাজিৰঙাৰ সীমাতে থকা কাৰ্বি পাহাৰত লুকুৱাই থোৱা এটা একে চিৰিজৰ ৰাইফল উলিয়াই দিয়ে।

উল্লেখ্য যে অগৰাতলিৰ গঁড় হত্যাৰ ঘটনাৰ পাছত কাৰ্বি আংলং জিলাৰ ডলামৰা আৰক্ষী থানাত ৪/ ২০২০, ডিফু থানাত ১১০/ 2020 আৰু বোকাখাত থানাত ১৩১/ ২০২০ নম্বৰৰ একোটাকৈ গোচৰ পঞ্জীয়ন হৈছিল।

এই সমূহ গোচৰৰ আধাৰতে আৰক্ষীয়ে যোৱা ১ জুনত মণিপুৰৰ চুড়াচান্দ পুৰৰ ডেভিড চিয়ামা, জখলাবন্ধাৰ শাকমুঠি চাহ বাগিচাৰ বিকি থাপা, নগাঁও চালনাৰ চাইমন লাৰকা নামৰ তিনিটা চিকাৰীক কৰায়ত্ব কৰিছিল।

ঘটনাৰ সময়ত এই দলৰে মাংবই পাইটে নামৰ চিকাৰীজন নাগালেণ্ড অসম সীমান্তত আৰক্ষীৰে হোৱা গুলীয়া গুলীত ঘটনাস্থলীতে নিহত হৈছিল যদিও দলৰ বাকী তিনিজন সদস্য পলাই যাবলৈ সক্ষম হৈছিল।

এই ঘটনাত কৰায়ত্ব কৰা চোৰাংচিকাৰীৰ পৰা আৰক্ষীৰ দলে ১ টা এ কে ৪৭, ২ টা এ কে ৫৬ ৰাইফল, ১ টা ডাবল বেৰেল ৰাইফল, ৪ শ সক্ৰিয় গুলী, ১ টা গ্ৰেণেড আৰু কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছিল।