NORTHEAST NOW (Assamese)

শীৰ্ষ দহটা স্থানত শিৱসাগৰৰ তিনিজন; অভিনন্দন হিমাশ্ৰী, অন্তৰীষ, অভিনৱ

June 6, 2020 11:11 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: June 6, 2020 11:13 am
ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম দহটা স্থানত শিৱসাগৰ জিলাৰ তিনিজনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শিৱসাগৰৰ ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমাশ্ৰী বৰুৱাই ষষ্ঠ স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে।

শিৱসাগৰৰ কাঠপাৰা নিবাসী ধ্ৰুৱজ্যোতি বৰুৱা আৰু মেঘালী বৰুৱাৰ কন্যা হিমাশ্ৰীয়ে ৫৮৮ নম্বৰ লাভ কৰে।

আনহাতে নামতিৰ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ ছাত্ৰ আন্তৰীষ হাজৰিকাই ৫৮৬ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰে।

নামতিৰ বৰুৱা পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰখীয়া নগৰৰ নিবাসী বসন্ত হাজৰিকা আৰু মঞ্জুমণি হাজৰিকাৰ পুত্ৰ আন্তৰীষ হাজৰিকাৰ এই সাফল্যত সমগ্ৰ নামতিবাসী উৎফুল্লিত হৈ পৰে।

ইপিনে নৱম স্থান লাভ কৰে মৰাণৰ অভিনৱ গগৈয়ে। চেন্ট যোচেফ হাইস্কুল মৰাণহাটৰ ছাত্ৰ অভিনৱে ৫৮৫ নম্বৰ লাভ কৰি নৱম স্থান অধিকাৰ কৰে। মৰাণৰ অইল কলনিৰ বাস্তৱ গগৈৰ পুত্ৰ অভিনৱ গগৈ।

আনহাতে উত্তীৰ্ণৰ হাৰ ৮৩.৯২ শতাংশৰে শিৱসাগৰ জিলা শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে  শিৱসাগৰৰ পৰা এইবাৰ ১১০২৩ জন ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ৯২৫১ গৰাকী উত্তীৰ্ণ হয়। জিলাখনত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৮৬০ গৰাকী, দ্বিতীয় বিভাগত ৩৩৭৭ গৰাকী আৰু তৃতীয় বিভাগত ৩০৪১ গৰাকী উৰ্ত্তীৰ্ণ হয়।

Related News