বৰপেটাত হোজাই আৰক্ষীৰ অভিযান : হিজবুল মুজাহিদিনৰে সম্পৰ্কৰ সন্দেহত তিনিজনক আটক

Hizbul-Mujaheedin-570x320-750x375

প্ৰতিনিধিত্বমূলক ফটো

উত্তৰ প্ৰদেশৰ কানপুৰত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সদস্য কামৰুজ জামানক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে।

শনিবাৰে হিজবুল মুজাহিদীনৰ লগত জড়িত থকাৰ অভিযোগত হোজাইৰ আৰক্ষীয়ে বৰপেটা আৰু তাৰাবাৰী থানাৰ আৰক্ষীৰ সহযোগত বৰপেটাত অভিযান চলাই জিলাখনৰ বৰপেটা আৰু তাৰাবাৰী থানা এলেকাৰ পৰা তিনিজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হোজাই থানাৰ পৰা অহা আৰক্ষীৰ দলটোৱে প্ৰথমতে বৰপেটা সদৰ থানাৰ অন্তৰ্গত ভেল্লা অঞ্চলত অভিযান চলাই দৰ্গাহপুৰৰ পৰা গিয়াছউদ্দিন জামানৰ পুত্ৰ নাছিৰ উদ্দিন জামানক আটক কৰে। নাছিৰুদ্দিন ভেল্লা বজাৰত গাড়ীৰ গেৰেজ এটাত কাম কৰা কৰ্মচাৰী।

নাছিৰুদ্দিনক আটক কৰাৰ পাছতে আৰক্ষীৰ দলটোৱে ভেল্লা খন্দকাৰপাৰাৰ আন এজন যুৱকক আটক কৰিবলৈ যায় যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে যুৱকজন পলাই যায়।

ইয়াৰ পাছতে আৰক্ষীৰ দলটোৱে তাৰাবাৰী থানাৰ চেঙাত অভিযান চলায়। সন্ত্ৰাসবাদী সংগঠনটোৰ লগত যোগসূত্ৰ থকাৰ অভিযোগত আৰক্ষীয়ে বৰচেঙা গাঁৱৰ হেমন্ত ডেকা আৰু চেঙা মুছলিমপাৰাৰ আজাহাৰ আলীক আটক কৰে।

উক্ত যুৱক তিনিজনক আটক কৰাৰ পাছতে হোজাই আৰক্ষীয়ে বৰপেটা আৰু তাৰাবাৰী থানাত যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি ধৃত যুৱককেইজনক হোজাইলৈ লৈ যায়।