ভাৰতীয় সেনাবাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান; কাশ্মীৰত তিনিজন সন্ত্ৰাসবাদী নিহত

ভাৰতীয় সেনা বাহিনীৰ জোৱান

দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তো ভাৰতীয় সেনাবাহিনীয়ে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰ গতিত অব্যাহত ৰাখিছে।

দেওবাৰে জম্মু-কাশ্মীৰৰ ছোফিয়ান জিলাত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনি গৰাকী সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

জিলাখনত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি চোৰাংচোৱাৰ পৰা খবৰ লাভ কৰাৰ পাছতে সেনা আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীৰ দলে নিৰাপত্তবাহিনীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাৰ পাছতে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হয়।

আনহাতে, এই সংঘৰ্ষত বৰ্তমানো অব্যাহত আছে আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ কোনো জোৱান আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত সেনা বাহিনীয়ে কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান চলাই হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ ৰিয়াজ নাইকোকে ধৰি ভালেকেইজন সন্ত্ৰাসবাদীক নিহত কৰিবলৈ সক্ষম হৈছিল।