অন্তৰ্বাসৰ স্ৰাৱৰ ৰঙে যৌনাংগৰ ৰোগক নিৰ্দেশ কৰে নেকি? জানিবলৈ চাওক…

যৌন জীৱনত সুখ পাবলৈ হ’লে প্ৰথমে যৌনাংগৰ যত্ন ল’ব লাগিব। শৰীৰটো সকলো দিশতে সুস্থ হ’লেহে যৌন সম্পৰ্কৰ আকাংক্ষা বাঢ়িব। আমি শৰীৰৰ বাকী পাঁচটা অংশৰ যিমান যত্ন লওঁ, যৌনাংগ তথা যোনিৰ ক্ষেত্ৰত আচলতে লোৱা নহয়!

বয়সৰ লগে লগে মহিলাৰ যোনিও সলনি হয়। সংক্ৰমণৰ ফলত প্ৰসৱৰ পিছত আৰু ঋতুস্ৰাৱৰ প্ৰাকক্ষণতো যোনিৰ পৰিৱৰ্তন ঘটে। যোনিৰ বিষ, খজুৱতি, জ্বলা-পোৰাৰ ফলত যৌন সম্পৰ্কৰ সময়ত অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে। চৰম সুখ উপভোগ কৰাত বাধা আহিব পাৰে।

আপোনাৰ অন্তৰ্বাসে আপোনাৰ যোনি সুস্থ হয় নে নহয় সেই ইংগিতো প্ৰদান কৰে। প্ৰতিগৰাকী মহিলাই নিজৰ অন্তৰ্বাসত কিছু দাগ দেখা পায়। সেই দাগ বগাস্ৰাৱৰ বাবেও হ’ব পাৰে। যোনিৰ পৰা নিৰ্গত হোৱা তৰল পদাৰ্থই শৰীৰ অৰ্থাৎ যোনিৰ অৱস্থাৰ কথাও কয়।

স্বচ্ছ শ্বেতস্রাৱ :

ঋতুচক্ৰৰ আগতে এই ধৰণৰ বগা স্ৰাৱই মূলতঃ ডিম্বাণু নিঃসৰণৰ ইংগিত দিয়ে।

গাখীৰৰ দৰে বগা স্ৰাৱ:

স্বচ্ছ শ্বেতস্ৰাৱৰ নিৰ্গমনৰ আগতে কেতিয়াবা গাখীৰৰ দৰে বগা তৰল পদাৰ্থও নিৰ্গমন হয়। এই ধৰণৰ তৰল পদাৰ্থই যোনিৰ কোষসমূহক সুস্থ কৰি ৰাখে। আনকি সংগমতো ই সহায় কৰে। যেতিয়ালৈকে এই ধৰণৰ তৰল পদাৰ্থৰ কোনো গোন্ধ নাথাকে তেতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই।

হালধীয়া বা সেউজীয়া ৰঙৰ স্ৰাৱ:

যদি স্ৰাৱৰ ৰং গাঢ় হালধীয়া বা সেউজীয়া হয় তেন্তে সাৱধান হওক। এই ধৰণৰ তৰল পদাৰ্থৰ নিৰ্গমন যৌন সংক্ৰামক ৰোগে শৰীৰত বাহ সজাৰ লক্ষণ হ’ব পাৰে। যোনিৰ পৰা এনে স্ৰাৱ ওলোৱাৰ লগে লগে প্ৰচণ্ড গোন্ধ, প্ৰস্ৰাৱৰ সময়ত বিষ আৰু যোনিত খজুৱতি হ’লে সাৱধান হওক। লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

গোলাপী ৰঙৰ স্ৰাৱ:

বহুতৰে ঋতুস্ৰাৱৰ আগতে পাতল গোলাপী ৰঙৰ দাগ পৰে। বহু সময়ত জৰায়ুত সংক্ৰমণ হ’লে শৰীৰৰ ভিতৰতো ৰক্তক্ষৰণ হয়। গোলাপী ৰঙৰ স্ৰাৱ তেতিয়াও হ’ব পাৰে।

ধূসৰ ৰঙৰ স্ৰাৱ:

শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণে এই ধৰণৰ স্ৰাৱৰ সৃষ্টি কৰিব পাৰে।