মাস্ক পৰিধান নকৰা বাবে ত্ৰিপুৰাত তিনিগৰাকী যান-বাহন আৰক্ষীক নিলম্বন

ত্ৰিপুৰাত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ থকা তিনিগৰাকী যান-বাহন আৰক্ষীক মাস্ক পৰিধান নকৰাৰ বাবে নিলম্বন কৰা হৈছে।

নিলম্বনৰ সন্মুখিন হোৱা যান-বাহন শাখাৰ কনিষ্ঠবল কেইগৰাকী হ’ল ক্ৰমে দুলাল মিঞা, চোহেইল মিঞা আৰু বাদল মিঞা।

বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ঘটনাটো সংঘটিত হয়।

‘‘যান-বাহন নিয়ন্ত্ৰণৰ সময়ত তেওঁলোকে মাস্ক পৰিধান নকৰি কোভিড-১৯ প্ৰট’কল ভংগ কৰিছে,” আৰক্ষী সূত্ৰত প্ৰকাশ।

ত্ৰিপুৰাৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই ঘটনা সম্বন্ধে অৱগত হোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি কনিষ্ঠবল কেইগৰাকীক নিলম্বন কৰে।

ত্ৰিপুৰা চৰকাৰে যান-বাহন আৰক্ষীক কৰ্তব্যৰ সময়ত মাস্ক পৰিধান কৰা কৰাটো বাধ্যতামূলক কৰিছে।

ত্ৰিপুৰা চৰকাৰে ইয়াৰোপৰি প্ৰতিটো চৰকাৰী কাৰ্য্যালয়ত  মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।