NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত আলফা (স্বা)ৰ ৩জন লিংকমেন আটক

August 18, 2018 7:26 pm · অভিক চক্ৰবৰ্তী

ভাৰতীয় সেনাৰ ডাও ডিভিজনে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানৰ পৰা তিনিগৰাকীকৈ আলফা (স্বা)ৰ সক্ৰিয় সদস্যক আটক কৰে। ধৃত সদস্যকেইজনক হৰেণ চন্দ্ৰ দাস, মুকিব আহমেদ আৰু সুশিল প্ৰধান বুলি চিনাক্ত কৰা হৈছে।

সেনাৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, জিলাখনত আলফা (স্বা)ৰ কেডাৰৰ উপস্থিতিৰ সম্ভেদ লাভ কৰি ৯ নং ৰাজপুটানা ৰাইফলছে অসম আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা সংগঠনটোৰ ৩ গৰাকী কেডাৰক আটক কৰে।

উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পৰা ৰাজপুটানা ৰাইফলছে উজনি অসমত আলফা (স্বা)ৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। কালিৰ উক্ত অভিযানো ইয়াৰে এক অংশ বুলি সেনাই জানিবলৈ দিয়ে।

ঘটনা সংক্ৰান্ত ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দি আৰক্ষীয়ে ধৃত আলফা (স্বা)ৰ সদস্য কেইজনে সংগঠনটোৰ হৈ লিংকমেন হিচাপে কাম কৰি আহিছিল।

Related News