দেওবাৰে নিশা কেৰালাৰ আলাপুঝা-কান্নুৰ এক্সপ্ৰেছত সংঘটিত হয় এক অবিশ্বাস্য ঘটনা। এজন অচিনাক্ত ব্যক্তিয়ে সহযাত্ৰীৰ ওপৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। এই ঘটনাত এটি শিশুসহ তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাত আন বহু যাত্ৰী অগ্নিদগ্ধ হয়। ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এনে পৰিস্থিতিত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাকো নুই কৰা নাই চোৰাংচোৱা সূত্ৰই।
জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ৯:৫০ বজাত উত্তৰ কেৰালাৰ কোঝিকোড ষ্টেচনৰ পৰা আলাপুজা-কান্নুৰ এক্সপ্ৰেছ যাত্ৰা কৰে। ইয়াৰ পিছতে ট্ৰেইনখনৰ ডি ১ কোচত সংঘটিত হয় এই ঘটনা।
পিছত আৰক্ষীয়ে ৰে’লপথৰ কাষৰ পৰা তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে। গাত জুই লগাই দিয়াত আতংকিত হৈ ৰে’লৰ পৰা জপিয়াই দিয়া বুলি অনুমান কৰা হৈছে। জানিব পৰা মতে মৃত তিনিজনৰ ভিতৰত প্ৰাপ্তবয়স্ক দুজনৰ নাম তৌফিক আৰু ৰেহানা।
লগতে পঢ়ক: কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল
ইপিনে, আৰক্ষীয়ে ৰে’ল লাইনৰ কাষৰ পৰা এটা বেগ উদ্ধাৰ কৰে। তাত পেট্ৰ’লৰ বটল এটা আৰু দুটা মোবাইল ফোন আছিল। ইয়াৰ পৰাই আৰক্ষীয়ে সন্দেহ কৰিছে যে সেয়া হয়তো কোনো সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ আছিল।
ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কোৰাপুঝা নদীৰ এখন দলঙত ৰে’লখন ৰৈছিল। ইয়াৰ লগে লগে ৩০ বছৰীয়া এজন ব্যক্তিয়ে ৰে’লৰ পৰা জপিয়াই নামি পৰে। তেওঁৰ বাবে বাইক এখন ৰৈ আছিল। তাতেই উঠি তেওঁ পলাই যায়।
আৰক্ষীয়ে ৰে’ল লাইনৰ সমীপৰ এটা ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। সেই ভিডিঅ’টোত আক্ৰমণকাৰীক দেখা গৈছে। এই ভিডিঅ’টো চোৱাৰ পিছত আৰক্ষীয়ে এই ঘটনাটো সুপৰিকল্পিত আক্ৰমণ বুলি ধাৰণা কৰিছে। ইলাথুৰ আৰু কইলাণ্ডি ৰে’ল ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ঘটনা।
লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত কংগ্ৰেছী বিধায়ক; জাৰি কাৰণ দৰ্শোৱাৰ জাননী
আনহাতে, ঘটনাত আহত এজন লোকে আৰক্ষীক জনোৱা মতে, এজন অচিনাক্ত ব্যক্তিয়ে জ্বলনশীল পদাৰ্থৰ বটল এটা উলিয়াই সহযাত্ৰীসকলৰ ওপৰত স্প্ৰে’ কৰে। তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই মানুহজনে তেওঁলোকৰ গাত জুই লগাই দি পলাই যায়।