ঘাতক কুঁৱলী! কলিয়াবৰৰ মিছাৰ ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ যুৱক

প্ৰতিনিধিত্বমূলক ফটো।

সমাগত ভোগালী বিহুক লৈ সকলোৱে ব্যস্ত হৈ পৰাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ৩গৰাকী যুৱকে। ঘন কুঁৱলীৰ বাবে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ মিছাৰ ৰৌমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় একেখন গাঁৱৰে তিনিজনকৈ উঠি অহা যুৱক।

লগতে পঢ়কঃ ধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ

বাতৰি অনুসৰি, AS 12 J 6909 নম্বৰৰ মহিন্দ্ৰা ভেৰিটো বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰপথৰ পৰা দ’ খাৱৈত বাগৰি পৰাৰ ফলতে এই মৰ্মান্তিক ঘটনাটো ঘটে।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় অৰ্জুন তাঁতী আৰু অমৃত বিশ্বাস ওৰফে চানু নামৰ যুৱক দুজন। আনহাতে, ৰাহুল বিশ্বাস নামৰ আনজন যুৱকৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে।

লগতে পঢ়কঃশিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

নিহত তিনিওজন যুৱকৰ ঘৰ মিছামুখত বুলি জানিব পৰা গৈছে। নিশা তেওঁলোকে বাহনখনত কলিয়াবৰ তিনিআলিৰ পৰা মিছা অভিমুখে গৈ আছিল। তেনেতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।