চাপৰত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল একে গাওঁৰে তিনি যুৱকৰ, অঞ্চলজুৰি শোকৰ ছাঁ

WhatsApp Image 2022-04-07 at 8.01.01 PM

যোৱা নিশা সংঘটিত এক ভয়াবহ তথা শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গ’ল সমগ্ৰ চাপৰ অঞ্চল। চাপৰ চহৰৰ মৌৱাটাৰী অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাক কনটেইনাৰত তীব্ৰবেগী পালছাৰ ২২০ মটৰ চাইকেল এখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত মটৰ চাইকেলখনত থকা তিনিওজন আৰোহী যুৱকে শোকাবহভাৱে মৃত্যক সাবটিব লগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

ডব্লিউ বি ৬৫ডি ৬৮১০ নম্বৰৰ কনটেইনাৰখনত খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ যোৱা যুৱক তিনিজন ক্ৰমে সূৰ্য্য অধিকাৰীৰ পুত্ৰ কংকণ অধিকাৰী (২৭), ভূপেন ৰায়ৰ পুত্ৰ জিতু ৰায় (৩০) ,প্ৰয়াত সুৰেশ ৰায়ৰ পুত্ৰ মমেন ৰায় (গাৰো ,৩৫)। মৃত তিনিও জনেৰে ঘৰ চাপৰ চহৰৰ সত্যপুৰ (ৱাৰ্ড নং ৮) ত। 

ভয়াবহ দুৰ্ঘটনাই এইদৰে একে গাঁৱৰে তিনিজনকৈ যুৱকৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাই গাঁওখনত অবৰ্ণনীয় এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

প্ৰণিধানযোগ্য যে ইয়াৰে মৃত কংকণ অধিকাৰীৰ বিবাহ হোৱা এমাহো সম্পুৰ্ণ হোৱা নাই। যোৱা ১০ মাৰ্চত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। মাহ-হালধিৰ গোন্ধ মাৰ নৌযাওঁতেই এইদৰে অকাল বৈধব্যক আঁকোৱালি লবলগীয়া হৈ দিশহাৰা হৈ পৰিছে সদ্যবিবাহিতা পত্নী অংকণাই।

আনহাতে, একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাই ভাৰাক্ৰান্ত পিতৃ। দুটি ফুল কুমলীয়া সন্তানৰ পিতৃ মমেন আৰু ঘৰখনৰ ভৰসা জিতুৰ অকাল মৃত্যুৱে তিনিখনকৈ ঘৰৰ সপোন তথা আশাকো অকালতে মোহাৰি নিলে।

উল্লেখ্য যে নিশা ১০-৩০ মান বজাত সংঘটিত ভয়াবহ দুৰ্ঘটনাটোৰ পাছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতি আৰক্ষীৰ দলসহ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত তিনিওকে উদ্ধাৰ কৰি প্ৰথমে চাপৰ চিকিৎসালয় আৰু পিছত চাপৰ থানালৈ আনে।

আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওৰে মৃতদেহ আৰক্ষীয়ে পৰিয়ালক চমজাই দিয়াৰ পাছতে গাঁওখনত কান্দোনৰ ৰোল উঠে। এই হৃদয় বিদাৰক ঘটনাই প্ৰতিগৰাকীৰে চকু সেমেকাই তোলা পৰিলক্ষিত হয়।

লগতে পঢ়ক: বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

এই তিনি যুৱকৰ অকাল মৃত্যত অসম  চৰকাৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংঘী,  ই এম্ তথা যুব নেতা জিবেশ ৰায়, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়, যুব সমাজসেৱক লেখক সাজিদ হুছেইন, বিশিষ্ট কবি ধীমান দাস, চাপৰ প্ৰেছ ক্লাব, ‘আক্ৰাছু’ ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক কৰ্ণ ৰায়, প্ৰাক্তন বিধায়ক প্ৰশান্ত বৰুৱা, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি ত্ৰিদ্বীপ পতি সিংহ, সমাজকৰ্মী হৰকুমাৰ ৰায় , ডাঃ দেবানন্দ অধিকাৰী, ধুবুৰী জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হেৰম্ব কলিতা, সমাজকৰ্মী নজৰুল ইছলাম, গণেশ দাস (বিলাসীপাৰা)কে ধৰি বহু দল সংগঠন তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।