মৰ্মান্তিক! এটা মৃত মুৰ্গীৰ বাবেই প্ৰাণ গ’ল তিনি যুৱকৰ

এটা মৃত মুৰ্গীয়েই যেন কাল হ’ল তিনিজন যুৱকৰ বাবে। এটা মৃত মুৰ্গীৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’লে তিনিজন যুৱকে।

কাছাৰ জিলাৰ লক্ষীপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

প্ৰাপ্ত খবৰ অনুসৰি এটা দ কুঁৱাৰ পৰা এটা মৃত মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে তিনিজনকৈ যুৱকে।

মৃত যুৱক কেইজন হৈছে মনজিৎ দেৱ, প্ৰসেনজিৎ দেৱ আৰু অমিত সেন। জানিব পৰা মতে মনজিৎ দেৱ আৰু প্ৰসেনজিৎ দেৱ দুয়ো ককাই-ভাই।

জানিব পৰা মতে, যুৱককেইজনৰ ঘৰৰ সমীপৰে এটা গভীৰ কুঁৱাত এটা মুৰ্গী পৰি যোৱাৰ ফলত পৰা কুঁৱাটোৰ পৰা ওলাইছিল দুৰ্গন্ধ। যাৰ বাবে মৃত মুৰ্গীটো তাৰ পৰা উলিয়াই আনি কুঁৱাটো চাফা কৰাৰ উদ্দেশ্যেৰে কুঁৱাটোলৈ নামি গৈছিল প্ৰসেনজিৎ দেৱ নামৰ যুৱকজন। কিন্তু কুঁৱাটোত প্ৰৱেশ কৰাৰ পিছতে অচেতন হৈ কুঁৱাটোৰ ভিতৰতে আৱদ্ধ হৈ পৰে যুৱকজন।

তাৰপিছতেই কুঁৱাত আৱদ্ধ প্ৰসেনজিতক উদ্ধাৰৰ বাবে কুঁৱাটোত প্ৰৱেশ কৰে তেওঁৰ ভাত মনজিতে। কিন্তু প্ৰসেনজিতৰ দৰেই মনজিতো কুঁৱাত প্ৰৱেশ কৰিয়েই অজ্ঞান হৈ পৰে।

ইয়াৰ পিছতেই মনজিৎ আৰু প্ৰসেনজিতক উদ্ধাৰ কৰিবলৈ কুঁৱাত প্ৰৱেশ কৰে তেওঁলোকৰ পিতৃ সত্যলাল দেৱ আৰু অমিত সেন নামৰ এজন স্থানীয় যুৱক। পিছে পুত্ৰদ্বয়ৰ দৰে পিতৃ সত্যলাল আৰু অমিত সেনো আৱদ্ধ হৈ পৰে কুঁৱাটোত।

কিন্তু স্থানীয় লোকৰ সহযোগত সত্যলালক উদ্ধাৰ কৰা হয় যদিও প্ৰসেনজিত আৰু মনজিতৰ দৰে কুঁৱাটোৰ ভিতৰতে মৃত্যুক সাৱতি লয় উদ্ধাৰৰ বাবে যোৱা অমিত সেন নামৰ যুৱকজন।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় SDRF বাহিনী আৰু আৰক্ষীৰ দল। তাৰপিছত SDRFৰ জোৱানে মুখত অক্সিজেন মাস্ক লগাই তিনিওজন মৃত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিব পৰা মতে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱককেইজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে। ইফালে তিনিজনকৈ চফল ডেকাৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে মৃতকৰ পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাসিন্দা।