NORTHEAST NOW (Assamese)

মাজুলীত ধুমুহাৰ ফলত খেতিপথাৰ, আবাসগৃহৰ বিস্তৰ ক্ষতিসাধন

May 13, 2019 7:07 pm · মিটু খাটনিয়াৰ
Updated: May 13, 2019 7:08 pm
মাজুলীত ধুমুহাৰ তাণ্ডৱৰ দৃশ্য

দেওবাৰে নিশা অহা এজাক বিধ্বংসী ধুমুহাই নদী দ্বীপ মাজুলীৰ বিভিন্ন অঞ্চল জোকাৰি যায়। প্ৰচণ্ড ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰে সৈতে অহা বৰষুণৰ ফলত মাজুলীৰ বিভিন্ন অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

নিশা অহা প্ৰচণ্ড ধুমুহা জাকৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰি কেইবাটাও বাসগৃহ বিধস্ত হোৱাৰ উপৰিও আন বহু পৰিয়ালৰ ঘৰৰ টিনপান উৰুৱাই লৈ যায়। বৃহৎ আকাৰৰ গছবোৰ বাগৰি পৰাৰ ফলত অঞ্চলটোৰ বাট-পথ বন্ধ হৈ পৰি যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

আনহাতে, ভয়ংকৰ ধুমুহাজাকৰ ফলত থায়ে থায়ে বিদ্যুতৰ তাৰ পৰিবাহী খুটা উভালি পৰাৰ ফলত অঞ্চলটোত বৰ্তমান বিদ্যু সংযোগ ব্যাহত হৈ আছে। তদুপৰি প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত কৃষকসকলৰ খেতিপথাৰৰ শস্যৰো ক্ষতিসাধন হয়। বৰ্তমানলৈ লাভ কৰা খবৰ অনুসৰি ধুমুহাজাকৰ ফলত কোনো লোক হতাহত হোৱা নাই।

অঞ্চলটোত ধুমুহাৰ ফলত বিদ্যালয় গৃহ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠানৰ গৃহৰো ক্ষতিসাধন হয়। ধুমুহা শাম কটাৰ পাছতো অঞ্চলটোত উদ্ধাৰ কাৰ্য্য চলাবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কোনো লোক উপস্থিত নোহোৱাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

Related News