• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য সভাৰে বৈঠক : অসমীয়া ভাষাৰ পাঠদান নিশ্চিত নকৰিলে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে

নতুন নিয়ম অনুসৰি সন্ধিয়া ৪ বজাৰ পাছতহে অসমীয়া ভাষাৰ পাঠ ল'ব পাৰিব আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 13, 2019 7:04 pm
Kendriya Vidyalaya

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শেহতীয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাক এটা বিষয় হিচাপে অসমৰ কেন্দ্ৰীয় বিদ্যালয় সমূহত পাঠদানৰ বাবে অসম সাহিত্য সভাৰ আহ্বানত সহমত প্ৰকাশ কৰিবলৈ অসমৰ্থ হয় সংগঠনৰ গুৱাহাটী মণ্ডলৰ কৰ্তৃপক্ষ।

আজি সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্য্যালয়ৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী মণ্ডলৰ উপায়ুক্ত চন্দ্ৰদ্বীপ নীলাপৰ মাজত এই বিষয়টোক লৈ এখন বৈঠক অনুষ্ঠিত হয়।

Apply Now

বৈঠকত অসমীয়া বিষয়ক পাঠ্যক্ৰমৰ বিষয়টোত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উপায়ুক্তজনে গুৱাহাটী মণ্ডলৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে ৰাজ্যৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অষ্টম শ্ৰেণী পৰ্য্যন্ত আঞ্চলিক ভাষাৰ (অসমীয়াকে ধৰি) পাঠদানৰ ব্যৱস্থা আছিল।

কিন্তু যোৱা ২৯ মাৰ্চত কেন্দ্ৰীয় বিদ্যালয় সংগঠনে এখন অধিসূচনা যোগে নিৰ্দেশ জাৰি কৰি ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ৰ পাঠদান প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্য্যন্ত বাধ্যতামূলক কৰাত পাঠদানৰ মূল সময় (পুৱা ৭.৪৫ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত অসমীয়া বা আন আঞ্চলিক ভাষাৰ পাঠদান বন্ধ হৈ পৰে।

সংগঠনৰ নিৰ্দেশনা অনুসৰি অতিৰিক্ত বিষয়সমূহ সন্ধিয়া ৪ বজাৰ পাছত পঢ়োৱাৰ ব্যৱস্থা কৰিব পাৰিব যদিও পুৱাৰে পৰা সন্ধিয়া ৫ বজালৈ ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাৰ পাঠ গ্ৰহণৰ বাবে ৰৈ থকাটো সম্ভৱপৰ নহয়। গতিকে কাৰ্য্যতঃ এই আঞ্চলিক ভাষাৰ পাঠদান কেন্দ্ৰীয় বিদ্যালয়ত বন্ধ কৰা নিচিনাই হৈছে।

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এই নীতিৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে অসম সাহিত্য সভাই। আজিৰ বৈঠকতো এই নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী তোলে সাহিত্য সভাই।

আজিৰ বৈঠকৰ পিছত এখন যুটীয়া সংবাদমেলত ড০ ৰাজবংশীয়ে কয়, সাহিত্য সভাই কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এই সিদ্ধান্ত আগন্তুক তিনি সপ্তাহৰ ভিতৰত প্ৰত্যাহাৰ কৰিবলৈ উপ-আয়ুক্তগৰাকীক এখন পত্ৰযোগে দাবী জনাইছে।

“মাতৃভাষা আমাৰ জন্মস্বত্ব আৰু সাংবিধানিক অধিকাৰ। এই অধিকাৰৰ পৰা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কোনোপধ্যেই মানি লোৱা নহ’ব”, সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয়।

এই ক্ষেত্ৰত কেন্দ্ৰীয় বিদ্যালয় সংগঠনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সাহিত্য সভাই গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সভাপতিগৰাকীয়ে সংবাদমেলত জানিবলৈ দিছে।

ইপিনে, সংবামেলত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী মণ্ডলৰ উপায়ুক্তজনে এই নিৰ্দেশনা প্ৰত্যাহাৰ ক্ষমতা নিজৰ হাতত নাই বুলি স্বীকাৰ কৰি এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয় তথা সংগঠনৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতেহে আলোচনা কৰিবলৈ সাহিত্য সভাক আহ্বান জনায়।

“এই নিৰ্দেশনা কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ নীতি-নিয়মৰ ভিতৰত জাৰি হৈছে। ইয়াৰ সাল-সলনি আমাৰ দ্বাৰা সম্ভৱ নহয়। অসম সাহিত্য সভাই অসমৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া ভাষাটো বাধ্যতামূলক কৰাটো বিচাৰিছে। কিন্তু তেওঁলোকক মই অনুৰোধ জনাওঁ যে তেওঁলোকে এই সন্দৰ্ভত ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ প্ৰশাসকমণ্ডলীৰ সৈতে আলোচনা কৰক। কাৰণ ইয়াত নতুন নীতি নিৰ্ধাৰণৰ কথা আছে, শিক্ষক নিযুক্তিৰ কথা আছে।”, উপায়ুক্ত চন্দ্ৰদীপ নীলাপে কয়।

নীলাপে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ নিয়মৰ উদ্ধৃতিৰে কয় যে সেনাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত যিসকল চাকৰিয়ালে কম দিনৰ বিৰতিত এঠাইৰ পৰা আন ঠাইলৈ বদলি হ’ব লগীয়া হয়। তেনে চাকৰিয়ালৰ সন্তানে যাতে বেলেগ বেলেগ ঠাইত একেধৰণৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা হৈছে। সেয়ে কেন্দ্ৰীয় বিদ্যালয়ত আঞ্চলিক ভাষা বাধ্যতামূলক কৰাত অসুবিধা আছে যদিও সংগঠনৰ নীতি অনুসৰি যদি একোটা শ্ৰেণীত ১৫গৰাকীতকৈ অধিক ছাত্ৰী-ছাত্ৰীয়ে কোনো এটা মাতৃভাষা পঢ়িব বিচাৰে তেনে ক্ষেত্ৰত অতিৰিক্তভাৱে শিক্ষক নিয়োগ কৰি পঢ়োৱাৰ ব্যৱস্থা আছে।

উপ-আয়ুক্ত নীলাপে লগতে জানিবলৈ দিয়ে, কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অধীনত গুৱাহাটী মণ্ডলত থকা মুঠ ৪০খন কেন্দ্ৰীয় বিদ্যালয়ৰ মুঠ ৩০৮০গৰাকী ছাত্ৰ-ছাত্ৰী অসমীয়া আৰু ২৬১গৰাকীয়ে বাংলা আৰু যথেষ্ট সংখ্যকে বড়ো ভাষাৰ পাঠ গ্ৰহণ কৰি আছে।

আনহাতে এই বিষয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰে সাহিত্য সভাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd