NORTHEAST NOW (Assamese)

ইডেন গাৰ্ডেনত ভাৰত-বাংলাদেশ টেষ্টৰ টিকতৰ মূল্য সৰ্বনিম্ন ৫০ টকালৈ হ্ৰাস

October 23, 2019 8:25 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ কলকাতাৰ ইডেন গাৰ্ডেন টেষ্টৰ বাবে টিকতৰ মূল্য হ্ৰাস কৰিছে ক্ৰিকেট এছ’চিয়েশ্যন অব বেংগল (চিএবি)য়ে।

ভাৰত আৰু বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট কলকাতাৰ ইডেন গাৰ্ডেনত ২২ নবেম্বৰৰ পৰা ২৬ নবেম্বৰলৈ অনুষ্ঠিত হ’ব।

চিএবিয়ে দৰ্শকৰ বাবে খেলখনৰ টিকতৰ মূল্য ২০০, ১৫০ আৰু ১০০ টকাৰ পৰিবৰ্তে ১৫০, ১০০ আৰু ৫০ টকালৈ হ্ৰাস কৰিছে।

ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতি অধিক আশা কৰিয়ে চিএবিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সম্পাদক অভিষেক ডালমিয়াই জানিবলৈ দিয়ে।

শৃংখলাৰ প্ৰথমখন টেষ্ট ১৪ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ ইন্দোৰত অনুষ্ঠিত হ’ব।

বাংলাদেশ ক্ৰিকেট দলটোৱে প্ৰস্তাৱিত ভাৰত ভ্ৰমণত তিনিখন টি-২০ আৰু দুখন টেষ্টত অংশ ল’ব।

উল্লেখযোগ্য যে, বাংলাদেশ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ বিৰুদ্ধে দলটোৰ খেলুৱৈ সকলে অলপতে আৰম্ভ কৰা বিদ্ৰোহৰ ফলত ভাৰত-বাংলাদেশ ক্ৰিকেট শৃংখলালৈ অনিশ্চয়তা আহি পৰিছিল।

Related News