প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

প্রতিনিধিত্বমূলক ফটো।

এক চাঞ্চল্যকৰ খবৰ মতে, জানিব পৰা গৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ সংৰক্ষণৰ বাবে নিৰ্ধাৰিত এক কৰ্পাছ ফাণ্ডৰ পৰা প্ৰায় ১ কোটি ১ লাখ টকাৰ অপব্যৱহাৰ কৰা হৈছিল।

আৰটিআইৰ এক চৰকাৰী উত্তৰত প্ৰকাশ পাইছে যে ২০২২ চনৰ ফেব্ৰুৱাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভয়াৰণ্য ভ্ৰমণৰ সময়ত ব্যাঘ্ৰ সংৰক্ষণৰ বাবে নিৰ্ধাৰিত ধন আন খৰচৰ লগতে খাদ্য, টেন্ট, কাৰ্পেট আৰু স্মাৰকৰ বাবে পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

লগতে পঢ়ক: গামোচা …Fakes can be stopped

অসমৰ এগৰাকী আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা আৰটিআই আবেদনৰ উত্তৰত এই তথ্য উন্মোচিত হৈছে।

কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ে দিয়া ইয়াৰ উত্তৰত উল্লেখ কৰে যে ১ কোটি ১ লাখ টকা কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষণ ফাউণ্ডেচনৰ পৰা উলিয়াই নিয়া হৈছিল আৰু বিভিন্ন শিতান যেনে ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ আদিৰ লগতে কনভেনচন হলৰ নৱীকৰণ, পেইণ্টিং, অস্থায়ী আৱাসগৃহ আৰু এয়াৰ পিউৰিফায়াৰকে ধৰি বিভিন্ন ক্ৰয়ত খৰচ কৰা হৈছিল।

২০২২ ৰ ১৮ মে’ত দাখিল কৰা আৰটিআই আবেদনৰ কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালকৰ ৩০ নৱেম্বৰত দিয়া উত্তৰৰ উদ্ধৃতি দি চৌধুৰীয়ে যোৱা মাহত ৰাজ্যৰ মুখ্য সচিবলৈ পুঁজিৰ অপচয়ৰ বিষয়ে লিখিছিল।

লগতে পঢ়ক: বন্ধ নহয় যুদ্ধ! প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক

চৌধুৰীয়ে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰপতিৰ ভ্ৰমণত ব্যাঘ্ৰ ফাউণ্ডেচনৰ পুঁজিৰ পৰা খৰচ কৰা ১ কোটি ১ লাখ টকাৰ উপৰিও সাধাৰণ বন্যপ্ৰাণী পুঁজিৰ পৰাও আন ৫১ লাখ টকা ব্যয় কৰা হৈছিল।

এই সন্দৰ্ভত তৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে তেওঁ এই বিষয়ে জানিব পৰাৰ পিছতে তেওঁৰ বিভাগে ব্যাঘ্ৰ সংৰক্ষণৰ বাবে পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ চোৱাচিতা কৰি আছে। তেওঁ বিষয়টোৰ তদন্ত আৰম্ভ কৰাৰ ইংগিত দিছে।