NORTHEAST NOW (Assamese)

ভাৰত চৰকাৰৰ ঘোষণাৰ পাছতে টিকটক নিষ্ক্ৰিয় হৈছে ভাৰতত

June 30, 2020 8:32 pm · এন ই নাও নিউজ
Updated: June 30, 2020 8:37 pm
প্ৰতিকী চিত্ৰ

ভাৰতত থকা টিকটক ব্যৱহাৰকাৰী সকলৰ মোবাইল ফোনত টিকটক নিষ্ক্ৰিয় হৈ পৰিছে।

ভাৰত চৰকাৰে ভাৰতত চাইনীজ এপ টিকটক নিষিদ্ধ কৰাৰ পূৰ্বে যিসকল লোকৰ মোবাইল ফোনত টিকটক সক্ৰিয় হৈ আছিল তেওঁলোকৰ মোবাইল ফোনতো টিকটক নিষ্ক্ৰিয় হৈ পৰে।

ভাৰতত টিকটক গুগল প্লে ষ্টোৰ আৰু এপল এপ ষ্টোৰৰ পৰা আঁতৰাই দিয়া হৈছে।

প্লে ষ্টোৰ আৰু এপল ষ্টোৰৰ পৰা টিকটকক আঁতৰাই দিলেও কিছুসংখ্যক পুৰণা ব্যৱহাৰকাৰীৰ মোবাইলত ই সক্ৰিয় হৈ আছে। যিসকল লোকৰ মোবাইলত টিকটক সক্ৰিয় হৈ আছে তেওঁলোকৰ মোবাইলত ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি ইয়াৰ বন্ধ কৰি থকা হৈছে বুলি মেছেজ লাভ কৰিছে।

উল্লেখযোগ্য যে, ২৯ জুনত ভাৰত চৰকাৰে টিকটককে ধৰি মুঠ ৫৯ টা চাইনীজ মোবাইল এপক ভাৰতত নিষিদ্ধ কৰিছিল।

টিকটকৰ উপৰিও য়ু চি ব্ৰাউজাৰ, উই চাট আদি এপক ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ভাৰত চৰকাৰে।

Related News